ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰা আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিণ্ডেৰ মাজত চলি থকা বিতৰ্কত নিজৰ পক্ষ বাছি লৈছে উদ্ধৱ থাকৰে ফৈদে। উদ্ধৱ নেতৃত্বাধীন শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কুনাল কামৰাক সমৰ্থন কৰি ‘আমাৰ ডিএনএ একেই’ বুলি মন্তব্য কৰিছে।
সঞ্জয় ৰাউতে কুনাল কামৰাই এক্সযোগে কৰা পোষ্টটো পুনৰ ৰিপোষ্ট কৰি কেপচনত লিখিছে যে এওটো মোৰ দৰেই ওলাল। এও কোনো কাৰণে শিৰণত নহয়!! জয় মহাৰাষ্ট্ৰ!
উল্লেখ্য যে, ২৩ মাৰ্চত ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰাই নিজৰ ইউটিউব চেনেলত এটা কমেডী শ্ব’ৰ এটা অংশ আপলোড কৰিছিল। এই শ্ব’টোত কুনাল কামৰাই নাম নোলোৱাকৈয়ে উপ-মুখ্যমন্ত্ৰী একনাথ সিণ্ডেক সমালোচনা কৰা দেখা গৈছিল, যাৰ বাবে দলটোৰ নেতা-কৰ্মীসকল ক্ষুব্ধ হৈ পৰিছিল।
ক্ষোভ ইমানেই বৃদ্ধি পাইছিল যে শিৱসেনাৰ কৰ্মীসকলে কুনাল কামৰাৰ শ্ব’ অনুষ্ঠিত হোৱা হেবিটেট ষ্টুডিঅ’ ভাঙি লণ্ডভণ্ড কৰে।
ইয়াৰ পিছত একনাথ সিণ্ডেই নিজেও প্ৰদান কৰিছিল এটা বিবৃতি। তেওঁ কৈছিল যে কমেডী বুজিব পাৰি, কিন্তু প্ৰতিটো কেমডীৰ এটা সীমা থকা উচিত।
আনহাতে হেবিটেট ষ্টুডিঅ’ত তাণ্ডৱ চলোৱাৰ পিছত সোমবাৰে কুনাল কামৰাই কয় যে তেওঁৰ কমেডীৰ বাবে প্ৰেক্ষাগৃহটো দায়বদ্ধ নহয়। একে সময়তে কুনাল কামৰাই তেওঁৰ মন্তব্যৰ বাবে কোনোপধ্যে ক্ষমা নোখোজো বুলিও স্পষ্টকৈ মন্তব্য কৰে।