নেশ্যনেল কংগ্ৰেছ পাৰ্টী চমুকৈ এন চি পিৰ বাবে ডাঙৰ ক্ষতি। অজিত পাৱাৰ নেতত্বাধানী এই দলটোৰ সাতগৰাকীকৈ বিধায়কে দল ত্যাগ কৰিছে। এই বিধায়ক কেইজন হৈছে নাগালেণ্ডৰ।
এই সাতজন বিধায়কে শনিবাৰে শাসকীয় এন ডি পি পিত যোগদান কৰে। এই একত্ৰীকৰণৰ লগে লগে নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ বিধায়কৰ সংখ্যা ২৫ৰ পৰা ৩২লৈ বৃদ্ধি পায়।
উল্লেখ্য যে, শাৰদ পাৱাৰৰ দল এন চি পিৰ বিভাজনৰ পিছত নাগালেণ্ড ইউনিটে অজিত পাৱাৰ নেতৃত্বাধীন ফৈদক সমৰ্থন কৰিছিল। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত এনচিপিয়ে এনডিপিপি আৰু মিত্ৰ বিজেপিৰ পিছতে ৰাজ্যৰ তৃতীয় বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ১২খন আসন লাভ কৰিছিল।
বিধানসভাৰ অধ্যক্ষ শৰিংগাইন লংকুমেৰে জানিব দিয়া অনুসৰি সাতজন বিধায়কে ব্যক্তিগতভাৱে উপস্থিত হৈ এন ডি পি পিৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত উল্লেখ কৰি আনুষ্ঠানিক পত্ৰ দাখিল কৰে। তেওঁ কয় যে এই একত্ৰীকৰণে সংবিধানৰ দশম অনুসূচীৰ অধীনত সাংবিধানিক প্ৰয়োজনীয়তা পূৰণ কৰে।