সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল চাপৰৰ সাকিব হক। সৰ্বভাৰতীয় NEET পৰীক্ষাত ৬১০ নম্বৰ লাভ কৰি গুৱাহাটী মেডিকেল কলেজত এম বি বি এছ অধ্যয়ন কৰাত সুযোগ লাভ কৰিলে মেধাবী ছাত্ৰগৰাকী।
উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্ত্তীণ হৈয়ে প্ৰথম বৰ্ষতে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ছাত্ৰ গৰাকী। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নজৰুল হক আৰু ইছমিতা পাৰবিনৰ একমাত্ৰ পুত্ৰ সাকিব হকৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে ওচৰ চুবুৰীয়া।
নিজ পুত্ৰক এগৰাকী ভাল চিকিৎসক হোৱাৰ উপৰি দুখীয়াৰ প্ৰতি সহনশীলতা হোৱাৰ আশা প্ৰকাশ কৰিছে মাতৃয়ে।
সাকিব হক চলিত বৰ্ষত ছাই বিকাশ একাডেমীত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত 94% লাভ কৰি সফলতাৰে উত্তীৰ্ণ হোৱাৰ উপৰি NEET পৰীক্ষাত সফলতাৰে ৬১০ নম্বৰ লাভ কৰি উৰ্ত্তীণ হয়।