আজি অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ তিথি।বৈষ্ণৱ ধৰ্ম, এক শৰণ নামধৰ্মৰ প্ৰতিষ্ঠাপক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ-নিৰ্মাতা।

ঐতিহাসিক গাথাৰে অনাদি কাললৈ খ্যাতি ৰাখি থৈ যোৱা মহাপুৰুষজনাৰ জীৱন আছিল সাধনা আৰু সৃষ্টিৰ এক অপূৰ্ব সমাহাৰ।আজিৰ এই পৱিত্ৰ দিনটোত ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰৰ লগতে ৰাজ্যবাসীয়ে মহাপুৰুষজনাক শ্রদ্ধাৰে সোঁৱৰিছে।

মহাপুৰুষজনাৰ জন্ম তিথি উপলক্ষে উজনিৰ পৰা নামনিলৈ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। ভক্তিৰসত বিলীন হৈ পৰিছে সকলো ভকত-বৈষ্ণৱ।

১৪৪৯ খ্ৰীষ্টাব্দত আহিন-কাতি মাহত বৰদোৱাৰ আলিপুখুৰীত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যাসন্ধা দেৱীৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। বুঢ়ীমাক খেৰসুতীয়ে তেওঁক তুলি-তালি ডাঙৰ-দীঘল শংকৰৰ সৰুতে পৰা পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। বুঢ়ীমাক খেৰসুতীয়ে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলি টোলত তেওঁক নাম লগাই দিছিল।

মহাপুৰুষ জনাই অসমত নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। আজিৰ এই পৱিত্ৰ দিনটোত হাজাৰ ধৰ্মপ্ৰাণ ৰাইজে বন্তি-শৰাই নৈবেদ্য আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছে।