উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ চিকাৰপুৰস্থিত এখন চৰকাৰী বিদ্যালয়ত ইফটাৰ পাৰ্টি আয়োজন কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফটাৰ কৰি থকা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তৎপৰ হৈ পৰে আৰক্ষী প্ৰশাসন।
পৰিস্থিতি বেয়াৰ ফালে যাতে ঢাল নাখায় তাৰ বাবে ইতিমধ্যেই প্ৰশাসনে ঘোষণা কৰিছে তদন্ত।
চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত একাংশ লোকে ইফটাৰ পাৰ্টি কৰিছিল। বিদ্যালয়ৰ মজিয়াত বহি পাৰ্টি কৰি থকা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। ইয়াৰ পিছতেই শিক্ষা বিভাগে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰে।
উল্লেখ্য যে, চৰকাৰী বিদ্যালয় আৰু কাৰ্যালয়ত বিনা অনুমতিত এই ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰে বাবেই এই ঘটনাটো চৰ্চালৈ আহিছে। জানিব পৰা অনুসৰি, বিদ্যালয়খনত আয়োজন কৰা ইফটাৰ পাৰ্টিৰ বাবে পূৰ্ব অনুমতি লোৱা নাছিল।
ইফালে এই ঘটনা সন্দৰ্ভত শিক্ষা বিষয়া ড০ লক্ষ্মীকান্ত পাণ্ডেয়ে কয় যে এই ঘটনাৰ বিষয়ে জানিব পৰা গৈছে আৰু ইয়াক গুৰুত্বসহকাৰে লোৱা হৈছে। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়খনত কাৰ অনুমতিত আৰু কোন কোন লোকে ইফটাৰ পাৰ্টীৰ আয়োজন কৰিছিল সেই বিষয়ে বিভাগে তদন্ত আৰম্ভ কৰিছে।