মহাকাশলৈ উৰা মৰা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাকে ধৰি চাৰিওজন মহাকাশচাৰীয়ে আজি সুকলমে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হৈছে। মহাকাশ কেন্দ্ৰত উপস্থিত হৈয়েই শুক্লাই কয় যে মোৰ যাত্ৰা দেশবাসীৰ যাত্ৰা। ড্ৰেগন মহাকাশযানখনৰ ডকিং প্ৰক্ৰিয়া চলি আছে।
উল্লেখ্য যে, এই অভিযান পৰিচালনা কৰিছে ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই। তেওঁ ১৪ দিন মহাকাশ কেন্দ্ৰত কটাব।
এক্সিঅ’ম-৪ অভিযানৰ অধীনত ভাৰতীয় মহাকাশচাৰী গ্ৰুপৰ কেপ্তেইন শুভাংশু শুক্লাৰ ড্ৰেগন কেপচুল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ সৈতে সংযোগ কৰা হৈছে। তেওঁৰ ড্ৰেগন মহাকাশযানখনৰ ডকিং সম্পূৰ্ণ হৈছে।
শুভাংশু শুক্লাসহ তেওঁৰ তিনি সহযাত্ৰীয়ে ১৪ দিনৰ অভিযানত ৬০টা পৰীক্ষা-নিৰীক্ষা চলাব।
উল্লেখ্য যে প্ৰায় ২৮.৫ ঘন্টা যাত্ৰাৰ অন্তত বৃহস্পতিবাৰে (২৬ জুন) ভাৰতীয় সময় অনুসৰি প্ৰায় ৪:০৫ বজাত মহাকাশ কেন্দ্ৰৰ সৈতে সংযোগ স্থাপন কৰে। এক্সিয়াম-৪ অভিযানৰ মহাকাশচাৰীসকলক কঢ়িয়াই অনা স্পেচএক্সৰ ফেলকন-৯ ৰকেটে ২৫ জুনৰ দুপৰীয়া ১২:০১ বজাত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ সফলতাৰে উৰা মাৰিছিল।