স্মাৰ্ট মিটাৰকলৈ ৰাজ্যজুৰি জনতাৰ ক্ষোভৰ দাবানল জ্বলি থকাৰ সময়তেই বিলাসীপাৰা বিদ্যুৎ বিভাগে সংঘটিত কৰে এক নাভূত-নাশ্ৰুত ঘটনা। বিদ্যুৎ বিভাগে নাক-কাণ কাটিলে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ। পূৰ্বে ৫০০ টকাৰ বিল অহা BPL পৰিয়াললৈ বিলাসীপাৰা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে প্ৰেৰণ কৰিলে ২৩,২৫৮ টকাৰ বিদ্যুৎ বিল।
বিল দেখি হতভম্ব হয় দৰিদ্ৰ পৰিয়ালটো।বিলাসীপাৰাৰ লুটাপাৰা গাঁৱত সংঘটিত হৈছে এই আচৰিত ঘটনা। গাঁৱখনৰ লঙ্কেশ্বৰ নাথ নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ লগত শক্তি বিভাগে দেখুৱালে নিজৰ অবৈধ শক্তি। বিভিন্ন সময়ত এনেধৰণৰ খাম-খেয়ালি লগা কাম কৰি বিতৰ্কত থকা বিলাসীপাৰা বৈদ্যুতিক উপ সংমণ্ডল। এইবাৰৰ এই বিভাগটোৰ অদ্ভুত ঘটনাক লেইলেই-ছেইছেই কৰিছে সচেতন মহলে।
ইফালে অকণো লাজ-লজ্জা নথকা বিলাসীপাৰা বৈদ্যুতিক উপ সংমণ্ডলৰ গছত গৰু উঠা কাণ্ডকলৈ চৰম বিপদত পৰিছে দুৰ্ভোগীয়া পৰিয়ালটোৱে। লুটাপাৰা গাঁৱৰ নিৰুপায় লঙ্কেশ্বৰ নাথে বিদ্যুৎ বিভাগৰ ২৩,২৫৮ টকাৰ বিদ্যুৎ বিলৰ কাগজ হাতত লৈ কাৰ্যালয়ৰ ইফাল-সিফালে ঘূৰি ফুৰে। পিছে ইয়াৰ কোনো সমাধান বিচাৰি নাপায় দুৰ্ভগীয়া পৰিয়ালটোৱে। বিলাসীপাৰাৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ৰ এই কাণ্ডক চৰম নিন্দা জনাইছে বিলাসীপাৰাৰ বিভিন্ন দল-সংগঠন আৰু সৰ্ব সাধাৰণ ৰাইজে।