ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় মহিলা দলৰ অধিনায়ক স্মৃতি মান্ধনাই বিস্ফোৰক শতকীয় ইনিংছ খেলে। এই ইনিংছৰ জৰিয়তে তেওঁ টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে।
মান্ধানাই ৫১টা বলত শতক অৰ্জন কৰি হৰমনপ্ৰীত কৌৰৰ পাছত দ্ৰুত ক্ৰিকেটত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়। এই ফৰ্মেটত এতিয়ালৈকে মাত্ৰ দুগৰাকী ভাৰতীয়ইহে শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
হৰমনপ্ৰীতৰ অনুপস্থিতিত দলৰ নেতৃত্ব বহন কৰা মান্ধানাই ৬২টা বলত ১৫টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১১২ ৰানৰ ইনিংছ খেলে। তেওঁৰ এই দুৰ্দান্ত ইনিংছৰ বাবেই ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত পাঁচ উইকেট হেৰুৱাই ২২০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ইফালে বিশাল ৰানৰ লক্ষ্য কৰিবলৈ আহি ইংলেণ্ড দলে মাত্ৰ ১৪.৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১১৩ ৰান সংগ্ৰহ কৰে। এইদৰে প্ৰথমখন মেচত ভাৰতীয় দলে ইংলেণ্ডক ৯৭ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰে।