ইন্দোৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে মধ্যপ্ৰদেশৰ পৰা নতুন ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগে লগে এই গোচৰত বৰ্তমানলৈকে মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
২১ জুনৰ নিশা দেৱাস জিলাৰ ভনৰাছা টোল প্লাজাৰ পৰা SITয়ে ভোপাললৈ পলায়ন কৰিবলৈ ওলোৱা ব্যৱসায়ী ছিলম জেমছক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, ইন্দোৰৰ এটা ফ্লেটত ৰাজাৰ পত্নী সোণমে লুকুৱাই ৰখা এটা সন্দেহজনক বাকচ এটা জেমছে লুকুৱাই ৰাখিছিল। এই বাকচটোত হত্যাকাণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা যাব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
আকৌ ২২ জুনৰ পুৱতি নিশা অশোকনগৰৰ পৰা বল্লা আহিৰৱাৰ নামৰ এজন নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সোণম থকা একেটা এপাৰ্টমেণ্টতে তেওঁ নিৰাপত্তাৰক্ষী হিচাপে আছিল। দুয়োজন অভিযুক্তক ইন্দোৰ আদালতত হাজিৰ কৰোৱা হ’ব আৰু শিলচৰলৈ নিবলৈ ট্ৰেনজিট ৰিমাণ্ড বিচাৰিব।
আৰক্ষীৰ মতে, ছিলম জেমছে জেৰাৰ সময়ত সোনামৰ বাকচটো জ্বলাই ধ্বংস কৰা বুলি জানিবলৈ দিয়ে। অৱশ্যে ঘটনাস্থলীত ৰাজাৰ লেপটপ অথবা গহনা বিচাৰি নাপালে আৰক্ষীয়ে। জেমছ সেইজন ব্যক্তি যিয়ে হত্যাকাণ্ডৰ সহ অভিযুক্ত বিশাল চৌহানক ফ্লেটটো ভাড়াত দিছিল। ফ্লেটটোৰ মাহিলী ভাড়া ১৭ হাজাৰ টকা বুলি কোৱা হৈছে।
সূত্ৰ অনুসৰি, ২০ মে’ত সোণমে স্বামী ৰাজাৰ সৈতে মেঘালয়লৈ গৈছিল আৰু ২৩ মে’ত ৰাজা নিৰুদ্দেশ হৈছিল।২ জুনত ইষ্ট খাছি পাহাৰৰ জলপ্ৰপাতৰ কাষৰ খাৱৈৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
তদন্তত প্ৰকাশ পাইছে যে ৰাজাক প্ৰেমিক ৰাজ কুশৱাহা আৰু কেইজনমান বন্ধুৰ সৈতে লগ-লাগি সোণমে হত্যা কৰিছিল। যোৱা ৮ জুনত উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰিছিল সোণমে। বৰ্তমান SITয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত গভীৰভাৱে তদন্ত কৰি আছে।