দক্ষিণৰ ছুপাৰষ্টাৰ তথা বলীউডৰ অভিনেত্ৰী নম্ৰতা শিৰোডকাৰৰ স্বামী মহেশ বাবুক বলবৎকাৰী সঞ্চালকালয়ে (ED) য়ে চমন জাৰি কৰিছে। এই চমনত মহেশ বাবুক ২৭ এপ্ৰিলত হায়দৰাবাদৰ ED কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে। ED ৰ এই চমন ৰিয়েল এষ্টেট বিনিয়োগকাৰীৰ সৈতে হোৱা জালিয়াতিৰ গোচৰৰ সৈতে জড়িত।
হায়দৰাবাদস্থিত ৰিয়েল এষ্টেট প্ৰতিষ্ঠান ছাই সূৰ্য্য ডেভেলপাৰ্ছ আৰু ছুৰানা গ্ৰুপৰ সৈতে ধন সৰবৰাহত জড়িত থকাৰ অভিযোগত মহেশ বাবুলৈ এই চমন প্ৰেৰণ কৰা হৈছে।
সূত্ৰ অনুসৰি, মহেশ বাবু সেই ৰিয়েল এষ্টেট কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল।ধন সৰবৰাহৰ অভিযোগ সন্দৰ্ভত মহেশ বাবুক জেৰা কৰা হ’ব।। কিছুদিন পূৰ্বে এই দুটা কোম্পানী আৰু ইয়াৰ সৈতে জড়িত কেইবাজনো বিনিয়োগকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল।
চেকেণ্ডৰাবাদ, জুবিলী হিলছ আৰু ব’ৱেনপালীৰ দৰে আড়ম্বৰপূৰ্ণ অঞ্চলত অৱস্থিত দুয়োটা কোম্পানীৰ স্থানত অনুসন্ধান অভিযান চলোৱা হৈছিল। সাই সূৰ্য্যৰ স্বত্বাধিকাৰী সতীশ চন্দ্ৰ গুপ্তাৰ বিৰুদ্ধেও প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰা হৈছে।
ED ৰ মতে সেই চুক্তিসমূহত নগদ ধন পৰিশোধ কৰি জালিয়াতি আৰু ধন সৰবৰাহ কৰা হৈছে। ইতিমধ্যে তেলেংগানা আৰক্ষীয়ে ভাগ্যনগৰ প্ৰপাৰ্টিজ লিমিটেডৰ সঞ্চালক নৰেন্দ্ৰ সুৰনা আৰু চাই সূৰ্য্য ডেভেলপাৰ্ছৰ স্বত্বাধিকাৰী কে সতীশ চন্দ্ৰ গুপ্তাকে ধৰি গুৰুত্বপূৰ্ণ ব্যক্তিৰ বিৰুদ্ধে FIR ৰুজু কৰাৰ পিছতে তদন্ত আৰম্ভ হয়।