স্পেচএক্সৰ ফেলকন ৯ ৰকেট আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা উৎক্ষেপণ কৰিবলৈ এঘণ্টাৰো কম সময় বাকী আছিল যদিও উৰণৰ পূৰ্বেই উৎক্ষেপণ পিছুৱাই দিয়া হয়। এই ৰকেটৰ সহায়ত আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু স্পেচএক্সৰ ক্ৰু-১০ মিছন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাবলৈ ওলাইছিল।
পৰিকল্পনা অনুসৰি, এই অভিযানৰ অধীনত ৪জন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাব আৰু মহাকাশত ‘আবদ্ধ’ হৈ থকা ২জন মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ উভতি অহাৰ পথ মুকলি কৰিব। কিন্তু কাৰিকৰী সমস্যাৰ বাবে মিছন লঞ্চ ১২ মাৰ্চ বুধবাৰে পিছুৱাই দিয়া হয়।
স্পেচএক্স ক্ৰু-১০ অভিযানৰ অধীনত এই মহাকাশ কেন্দ্ৰলৈ যাব ২জন আমেৰিকান মহাকাশচাৰী, ১জন জাপানী মহাকাশচাৰী আৰু ১জন ৰাছিয়ান মহাকাশচাৰী।
উদ্ধাৰ পৰিকল্পনাত হোৱা ধাৰাবাহিক বিফলতাৰ সন্দৰ্ভত হোৱা এক সাক্ষাৎকাৰত মনোহৰ পাৰিকাৰ ইনষ্টিটিউট ফৰ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছৰ উপ-সঞ্চালক প্ৰধান অজল লেলেই কয় যে, এয়া ৰকেট বিজ্ঞান। ইয়াত বহু সমস্যাৰ সৃষ্টি হয় আৰু এনে নহয় যে কেৱল এই মিছনতহে এনেকুৱা হৈছে।
উল্লেখ্য যে, সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে মাত্ৰ ১০ দিনৰ অভিযানৰ বাবে বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত মহাকাশলৈ গৈছিল। কিন্তু কাৰিকৰী সমস্যাৰ বাবে ষ্টাৰলাইনাৰখন তেওঁলোকৰ উভতি অহাৰ বাবে অসুৰক্ষিত হৈ পৰিছিল। ইয়াৰ পিছত দুয়োজনেই বিগত ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আছে।