ত্ৰিপুৰাত অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশী লোকসকলক চিনাক্ত কৰাৰ বাবে গঠন কৰা হৈছে বিশেষ টাস্ক ফ’ৰ্চ। পশ্চিম ত্ৰিপুৰা জিলা আৰক্ষী টাস্ক ফ’ৰ্চত ১৫ জন সদস্য আছে। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়নৰ বাবে গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ।
এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰৰ নিৰ্দেশত এই টাস্ক ফ’ৰ্চটো গঠন কৰা হৈছে। জিলাখনৰ ১৫ খন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰে গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ।
প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব জিলা আৰক্ষীৰ চোৰাংচোৱা শাখাৰ উপ-অধীক্ষক দেবাশীষ সাহা। প্ৰতিবেদন অনুসৰি চৰকাৰী গাইডলাইনত উল্লেখ আছে যে সঠিক তদন্তৰ পিছত যদি কোনো লোকক অবৈধভাৱে থকা বাংলাদেশী বা ৰোহিংগিয়া বুলি চিনাক্ত কৰা হয় তেন্তে তেওঁলোকৰ বায়’মেট্ৰিক (ফিংগাৰপ্ৰিণ্ট আৰু ফেচিয়েল ইমেজ) আৰু অন্যান্য তথ্য সংগ্ৰহ কৰা হ’ব।
ইয়াৰ পিছত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত বিদেশী চিনাক্তকৰণ পৰ্টেলত তেওঁলোকৰ সবিশেষ আপলোড কৰা হ’ব। এই কাৰ্য সমাপন হোৱাৰ পিছত তেওঁলোকক সীমান্ত সুৰক্ষা বাহিনীক গতাই দি নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হ’ব।
উল্লেখ্য যে, সম্প্ৰতি ভাৰতৰ কেইবাখনো ৰাজ্যত অবৈধ বাংলাদেশীয়ে বসবাস কৰি থকাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈ আহিছে। পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ লগতে ঝাৰখণ্ড আদি ৰাজ্যত লাখ-লাখ অবৈধ বাংলাদেশীয়ে বসবাস কৰাৰ ফলত স্থানীয় লোকসকলৰ খিলঞ্জীয়াৰ প্ৰতি বৃহত ভাবুকি অহাৰো অভিযোগ উত্থাপন হৈ আহিছে।