‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ ছবিখনত টাইগাৰ শ্ৰফ আৰু অনন্যা পাণ্ডেৰ সৈতে একেলগে অভিনয় কৰা অভিনেতা বিশাল ব্ৰহ্মক চেন্নাই বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অসম নিবাসী এই অভিনেতাগৰাকীক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। খবৰ অনুসৰি, সোমবাৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে নিষিদ্ধ সামগ্ৰীৰ সৈতে চেন্নাই বিমানবন্দৰত বিশাল ব্ৰহ্মক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা জব্দ কৰিছে প্ৰায় ৪০ কোটি টকাৰ ড্ৰাগছ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি অসমৰ বাসিন্দা বিশাল ব্ৰহ্ম যেতিয়া ছিংগাপুৰৰ এ আই-৩৪৭ বিমানৰ পৰা চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে তেতিয়া তেওঁৰ লাগেজ তালাচী চলোৱাত ডি আৰ আইয়ে ড্ৰাগছ উদ্ধাৰ কৰে।
অভিনেতাজনক নাইজেৰিয়াৰ এটা ড্ৰাগছ গেঙে চোৰাং ব্যৱসায়ৰ বাবে প্ৰলোভিত কৰা বুলি অভিযোগ উঠিছে।