দৈনন্দিন খাদ্যতালিকাত অতিমাত্ৰা চেনি গ্ৰহণ কৰিলে স্বাস্থ্যৰ বাবে পক্ষে ক্ষতিকাৰক হৈ উঠিব পাৰে। ইয়াৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে, যেনে- ওজন বৃদ্ধি, ডায়েবেটিছ, দাঁতৰ বিষ আদি।
বহুতো স্বাস্থ্যকৰ খাদ্য সামগ্ৰী, যেনে দুগ্ধজাত সামগ্ৰী, শাক-পাচলি, ফল-মূল আদিত প্ৰাকৃতিকভাৱে চেনি থাকে। এই খাদ্যবোৰত থকা চেনিয়ে এই খাদ্যবোৰক অধিক মিঠা সোৱাদ দিয়ে। মানুহে নিজৰ খাদ্যত এই খাদ্যবোৰ অন্তৰ্ভুক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ লগত আন একাধিক পুষ্টিকৰ উপাদান থাকে যিয়ে স্বাস্থ্যৰ বাবে উপকাৰী।
প্ৰাকৃতিকভাৱে চেনি থকা খাদ্য আৰু পানীয়ৰ বিপৰীতে চেনি যোগ কৰা খাদ্য আৰু পানীয়বোৰ পুষ্টিকৰ নহয়।
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্বৰ সকলো দেশতে বসবাস কৰা লোকৰ স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি সকলো লোককে চেনি খোৱাৰ পৰিমান হ্ৰাস কৰাৰ পৰামৰ্শ দিছে। উল্লেখ্য যে, WHOৰ প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰায় ৩৫ কোটি লোকে চেনিৰ বাবে গুৰুতৰ ৰোগত আক্ৰান্ত হয়।
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই খাদ্যতালিকাত চেনিৰ লগতে নিমখ আৰু তেলৰ পৰিমাণো কমাবলৈ পৰামৰ্শ দিছে। চেনি, নিমখ আৰু তেল প্ৰয়োজনতকৈ বেছি খালে টাইপ-২ ডায়েবেটিজ, শকত হোৱা, হাইপাৰটেনশ্যন, হাৰ্ট এটেক আৰু কিডনিৰ সৈতে জড়িত প্ৰাণনাশী ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিকতৰ হয়।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, এজন বয়স্ক ব্যক্তিয়ে দিনটোত কেবল ৬ চামুচ চেনিহে গ্ৰহণ কৰা উচিত। ইয়াৰ উপৰি দৈনন্দিন আহাৰত এদিনত কেবল ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেলহে খোৱা উচিত।
পিছে, ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিবেদনত যিধৰণৰ তথ্য পোৱা যায়, সেয়া অত্যন্ত উদ্বেগজনক কিয়নো ভাৰতত এজন লোকে গড়ে দিনটোত ১৬ৰপৰা ২০ চামুচ পৰ্যন্ত চেনি খায় আৰু আহাৰত ২-৩ চামুচ নিমখ তথা প্ৰায় ৮ চামুচ তেল গ্ৰহণ কৰে।
চেনি কেইবা প্ৰকাৰৰো থাকে যেনে মাল্টোজ, ফ্ৰক্টোজ, সুক্ৰোজ, গেলেক্টোজ আৰু লেক্টোজ।চেনিযুক্ত খাদ্যই সৃষ্টি কৰিব পৰা মেদবহুলতা, হৃদৰোগ, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যসম্বন্ধীয় সমস্যাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।