অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল চুমি বৰা আৰু তাৰ্কিক বৰা। DGP GP সিঙে কৰিলে এই বিশেষ টুইট। STF য়ে গ্ৰেপ্তাৰ কৰে দহ দিন ধৰি পলাই থকা চুমি-তাৰ্কিক বৰা। ডিব্ৰুগড়ত আত্মসমৰ্পণ চুমি বৰা আৰু তাৰ্কিক বৰাৰ। আজি পুৱা ভাগত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে চুমি বৰা আৰু তাৰ্কিক বৰাই।শেহতীয়াকৈ ডিব্ৰুগড়তে আত্মগোপন কৰি আছিল দুয়োৱে।
গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈছিল আৰক্ষী বিষয়াৰ এটা দল। এই আৰক্ষী বিষয়াৰ দলৰ ওচৰত আত্মসমৰ্পণ কৰে দুয়োৱে। আজি আদালতত হাজিৰ কৰোৱা হ’ব দুয়োকে। X হেণ্ডেল যোগে টুইট কৰি এই কথা জানিবলৈ দিয়ে DGP জি পি সিঙে।