মোগল শাসক ঔৰংজেৱক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সুনীল আম্বেকাৰে এক ডাঙৰ বিবৃতি দিছে। ৱাট ইণ্ডিয়া থিংকছ টুডে (WITT) ৰ অনুষ্ঠানত সুনীল আম্বেকাৰে ঔৰংজেৱক আক্ৰমণকাৰী বুলি অভিহিত কৰে।
আম্বেকাৰে কয় যে, ভাৰতত কোনো আক্ৰমণকাৰীক প্ৰশংসা কৰাটো উচিত নহয়। সুনীল আম্বেকাৰৰ মতে যদি কোনো ডকাইত ভাৰতলৈ আহি লুটপাত কৰি গুচি যায়, তেন্তে তেওঁক মহিমামণ্ডিত কৰাটো উচিত নহয়। ইয়াৰ ফলত সমাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।
সংঘৰ সৰ্বভাৰতীয় প্ৰচাৰ প্ৰধান সুনীল আম্বেকাৰে ঔৰংজেৱ সন্দৰ্ভত হোৱা যিকোনো আলোচনায়েই ভুল বুলি অভিহিত কৰে।
আম্বেকাৰে কয় যে, ঔৰংজেৱৰ পৰিৱৰ্তে মানুহে ছত্ৰপতি শিৱাজী আৰু সম্ভাজী মহাৰাজৰ কথাহে ক’ব লাগে। এইসকল আছিল দেশপ্ৰেমিক। ঔৰংজেৱৰ কবৰ খন্দা সন্দৰ্ভতো এক বিবৃতি দিছে আম্বেকাৰে।
আম্বেকাৰে কয় যে সংবিধানৰ পৰিসীমাৰ ভিতৰত থাকিলে সেয়া সঠিক। নাগপুৰত হোৱা হিংসাক ভুল বুলি সুনীল আম্বেকাৰে অভিহিত কৰিছে। তেওঁ কয় যে, এই সমাজখন বিভাজনকাৰী। ইয়াৰ ফলত জনসাধাৰণ বিচলিত হৈ পৰে। হিংসাক কোনো কাৰণতে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।
আম্বেকাৰে লগতে কয় যে, নাগপুৰ হিংসাক লৈ আৰক্ষী আৰু আইনে নিজৰ কাম কৰি আছে। এই হিংসাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে, ঔৰংজেৱ বিতৰ্কক লৈ নাগপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
ঔৰংজেৱৰ বিৰুদ্ধে এনে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় বলীউডৰ ছাৱা চিনেমা মুক্তি পোৱাৰ পিছৰে পৰা। মহাৰাষ্ট্ৰৰ এছ পি বিধায়ক আবু আজমীৰ এক বক্তব্যৰ পিছতে সৃষ্টি হয় এনে পৰিৱেশৰ।
ঔৰংজেৱক মোগলৰ শেষ শক্তিশালী শাসক বুলি গণ্য কৰা হয়। ভাৰতীয় মাটিত ঔৰংজেৱৰ শাসন ১৬৫৮ চনৰ পৰা ১৭০৭ চনলৈকে চলিছিল।