ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন (NASA)ৰ বিষয়াই ঘোষণা কৰিছে যে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (ISS ) থকা মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুচ উইলমৰে প্ৰথম পৰিকল্পনা অনুসৰি বয়িংছ ষ্টাৰলাইনাৰৰ পৰিৱৰ্তে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহতহে স্পেচএক্সৰ ক্ৰু ড্ৰেগনত পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা আছে।
ষ্টাৰলাইনাৰ মহাকাশযানখনত চলি থকা বহু কেইটা কাৰিকৰী বিজুতিৰ বাবে সুৰক্ষা নিশ্চিত কৰণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
উল্লেখযোগ্য যে মহাকাশযাত্ৰী দুগৰাকীক জুন মাহত বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰা হৈছিল।
প্ৰথমাৱস্থাত এই অভিযান প্ৰায় আঠ দিনলৈকে চলিব বুলি আশা কৰা হৈছিল যদিও ষ্টাৰলাইনাৰত চিষ্টেমৰ সমস্যা সৃষ্টি হোৱাৰ বাবে এই অভিযানৰ সময় বৃদ্ধি কৰা হৈছে।
জানিব পৰা মতে থ্ৰাষ্টাৰৰ বিকলতা আৰু হিলিয়াম লিক আদিৰ ওপৰত এই বয়িংখনে পৰীক্ষামূলক অভিযান চলাই আছে।