শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে বৃদ্ধ পিতৃ-মাতৃৰ সম্পত্তি সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি বৃদ্ধ পিতৃ-মাতৃৰ বাবে যথেষ্ট লাভজনক হৈ উঠিব।
ভাৰততো এনে বহু তথ্য পোহৰলৈ আহিছে, য’ত পিতৃ-মাতৃয়ে সন্তানৰ নামত সম্পত্তি হস্তান্তৰ কৰাৰ পিছত ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ লগত ভাল ব্যৱহাৰ নকৰে, যত্ন নলয় আৰু পিতৃ-মাতৃক অকলে থাকিবলৈ এৰি দিয়ে।
পিছে আদালতে এতিয়া ৰায় দিছে যে, এতিয়াৰে পৰা সন্তানক পিতৃ-মাতৃয়ে নিজৰ সম্পত্তি হস্তান্তৰ কৰাৰ পিছত এটা চৰ্ত অন্তৰ্ভুক্ত কৰা হ’ব যে, তেওঁলোকে পিতৃ-মাতৃৰ যত্ন ল’ব লাগিব। তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব লাগিব আৰু যদিহে সন্তানে এইবোৰ কাম নকৰে আৰু পিতৃ-মাতৃক অকলে এৰি দিয়ে, তেতিয়া তেওঁলোকৰ পৰা সকলো সম্পত্তি ঘূৰাই লোৱা হ’ব।
জ্যেষ্ঠ নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদালতে এই সিদ্ধান্ত আগবঢ়ায়। বহু অভিভাৱকে সম্পত্তি লাভ কৰাৰ পিছত সন্তানৰ দ্বাৰা আওকাণ কৰা অনুভৱ কৰে আৰু নিজৰ যত্ন ল’বলৈ এৰি দিয়ে।
উচ্চতম ন্যায়ালয়ে এই গোচৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিওঁতে কয় যে, যদি সন্তানে পিতৃ-মাতৃৰ যত্ন লোৱাত ব্যৰ্থ হয়, তেন্তে পিতৃ-মাতৃয়ে দিয়া সম্পত্তি জ্যেষ্ঠ নাগৰিকৰ ৰক্ষণাবেক্ষণ আৰু কল্যাণ আইন বিধানৰ অধীনত থাকিব জ্যেষ্ঠ নাগৰিক আইনৰ অধীনত বাতিল কৰিব পাৰিব।
ন্যায়াধীশ চিটি ৰবিকুমাৰ আৰু ন্যায়াধীশ সঞ্জয় কেৰোলৰ বিচাৰপীঠে কয় যে, এই আইনখন যৌথ পৰিয়াল ব্যৱস্থাৰ অন্ত পৰাৰ পিছত অকলে থাকিবলৈ এৰি দিয়া বৃদ্ধ পিতৃ-মাতৃক সহায় কৰিবলৈ এই আইনখন তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে উন্নত বুলি প্ৰমাণিত হ’ব৷