ছিৰিয়াৰ ক্ষমতা এতিয়া বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত। বিদ্ৰোহীৰ দখলত থকাৰ পাছতো বহু ঠাইত বিস্ফোৰণ সংঘটিত হৈ আছে। আক্ৰমণ সংঘটিত হৈছে। চৰকাৰী অট্টালিকা জ্বলাই দিয়া হৈছে। লুটপাত কৰা হৈছে। ইফালে ভাৰতে ছিৰিয়াৰ পৰা ৭৫ জন ভাৰতীয় নাগৰিকক উলিয়াই আনিছিল।
ছিৰিয়াৰ ক্ষমতা এতিয়া বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত। বিদ্ৰোহীৰ দখলত থকাৰ পাছতো বহু ঠাইত বিস্ফোৰণ সংঘটিত হৈ আছে। আক্ৰমণ সংঘটিত হৈছে।
ছিৰিয়াত চৰকাৰী অট্টালিকাসমূহো জ্বলাই দিয়া হৈছে। ইয়াৰ পৰিপেক্ষিতত ভাৰতে ছিৰিয়াৰ পৰা ৭৫ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসৰ দ্বাৰা নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়নৰ অন্তত এই অভিযানৰ সমন্বয় ঘটে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, ছিৰিয়াৰ পৰা ভাৰতৰ ৭৫ জন নাগৰিকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ ৪৪ গৰাকী তীৰ্থযাত্ৰী, যিসকল ছাইদা জৈনাবত আবদ্ধ হৈ আছিল।
এই সকলো ভাৰতীয় নাগৰিকে নিৰাপদে লেবাননত উপস্থিত হয় আৰু উপলব্ধ বাণিজ্যিক বিমানেৰে ভাৰতলৈ ঘূৰি আহিবলৈ সক্ষম হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে, চৰকাৰে বহিঃৰাজ্যৰ ভাৰতীয় নাগৰিকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে। ছিৰিয়াত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবলৈ পৰামৰ্শ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। লগতে এই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ভাৰত চৰকাৰে।
ছিৰিয়াৰ ক্ষমতা বৰ্তমান হায়াত তাহৰিৰ আল শ্বাম (HTS)ৰ নিয়ন্ত্ৰণত আছে।এইচ টি এছৰ যোদ্ধা বিমানে বাছাৰ আল আছাদ চৰকাৰ আৰু সেনাৰ সৈতে জড়িত লোকক বিচাৰিছে।তেওঁলোকক এফালৰ পৰা শেষ কৰি গৈছে। ইফালে প্রাক্তন ৰাষ্ট্রপতি আছাদৰ ভতিজাকক প্রথমে মাৰপিট কৰে আৰু তাৰ পাছত ছেক্সনত তেওঁক চৰম শাস্তি প্ৰদান কৰা হয়৷ তেওঁৰ নাম আছিল চুলেমান আছাদ। চুলেইমান আছাদ ছিৰিয়াৰ সেনাবাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়া আছিল। এনে নৃশংস কাণ্ডৰ পিছত আছাদৰ দুৰ্গ লাটাকিয়াত আক্ৰমণ কৰে বিহোদ্ৰীয়ে।