২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত ভাৰতৰ টি-২০ দলত বহু ডাঙৰ পৰিৱৰ্তন দেখা যায়।
সূৰ্যকুমাৰ যাদৱক ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ লগে লগে দলত বহু নতুন মুখক সুযোগ দিয়াৰ লগতে ৰিংকু সিং আৰু অভিষেক শৰ্মাৰ দৰে খেলুৱৈয়েও দলত স্থান লাভ কৰে।
আনকি বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ পূৰ্বেও টীম ইণ্ডিয়া অতি শক্তিশালী আছিল আৰু এইসকল খেলুৱৈয়ে টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছতো দলটোত বহু শক্তিশালী খেলুৱৈ আছে। ইতিমধ্যে অভিষেক শৰ্মাই টি-২০ ইণ্টাৰনেশ্যনেলত বহু ৰান সংগ্ৰহ কৰি নিজৰ প্ৰতিভাৰ উমান দি থৈছে। ইয়াৰ লগে লগে তেওঁ ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত সৰ্বাধিক ৰান সংগ্ৰহকাৰী।
ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বিশ্বকাপৰ পিছত ১৪খন মেচত ২৫৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, য’ত দুটা অৰ্ধশতক অন্তৰ্ভুক্ত হৈ আছে। টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত সূৰ্যকুমাৰ পঞ্চম স্থানত আছে।
এই তালিকাত হাৰ্দিক পাণ্ডিয়াৰ নাম চতুৰ্থ স্থানত আছে। পাণ্ডিয়াই ১৩টা ইনিংছত ৩৫.৫৫ গড়ে ৩২০ ৰান সংগ্ৰহ কৰিছে।
এই তালিকাত তৃতীয় স্থানত আছে ভাৰতীয় যুৱ খেলুৱৈ তিলক বাৰ্মা। তিলক বাৰ্মাই ৯টা ইনিংছত ৮২.৬০ গড়ে ৪১৩ ৰান সংগ্ৰহ কৰিছে। এই ৯টা ইনিংছত তিলক বাৰ্মাই দুটা শতক আৰু তিনিটা অৰ্ধশতক অৰ্জন কৰিছে।
এই তালিকাত সঞ্জু চেমছনে ১৬ ইনিংছত ৪৮৭ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে। এই সময়ত চেমছনে তিনিটা শতক অৰ্ধশতক অৰ্জন কৰিছে।
টি-২০ ক্ৰিকেটত ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে অভিষেক শৰ্মা। অভিষেকে ১৬টা ইনিংছত ৫৩৫ ৰান সংগ্ৰহ কৰিছে। অভিষেক শৰ্মাৰ গড় ৩৩.৪৩ আৰু ষ্ট্ৰাইক ৰেট ১৯৩.৮৪। এই সময়ছোৱাত অভিষেকে দুটা শতক অৰ্জন কৰিছে।