৩০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰঞ্জী ট্ৰফীৰ সপ্তম ৰাউণ্ড। এই সময়ত দেখা যাব টীম ইণ্ডিয়াৰ বহু তাৰকা খেলুৱৈ। পিছে এগৰাকী খেলুৱৈয়ে শেষবাৰৰ বাবে ক্ৰিকেট খেলপথাৰত ভৰি দিবলৈ ওলাইছে।
ঘৰুৱা দল দিল্লীৰ হৈ ৰেলৱে’ৰ বিৰুদ্ধে খেলিব বিৰাট কোহলীয়ে। একে সময়তে তেওঁৰ অধিনায়কত্বত খেলা ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ৰৃদ্ধিমান সাহাইও শেষবাৰৰ বাবে ক্ৰিকেট খেলপথাৰত খেলিবলৈ ওলাইছে।
তেওঁ বংগৰ হৈ অংশগ্ৰহণ কৰিব। পঞ্জাৱৰ বিৰুদ্ধে খেলখন তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল হ’ব। মেচৰ পূৰ্বে দিয়া সাক্ষাৎকাৰত অৱসৰৰ বিষয়ে কিছু ডাঙৰ কথা কয় সাহাই।
বিগত বৰ্ষৰ নৱেম্বৰ মাহত অৰ্থাৎ ২০২৪ চনত তেওঁ কৈছিল যে, চলিত ছিজনত ৰঞ্জী ট্ৰফী ক্ৰিকেটত তেওঁৰ শেষ প্ৰতিযোগিতা হ’ব। এতিয়া তেওঁ ৩০ জানুৱাৰীৰ পৰা পঞ্জাৱৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব।
ধোনিৰ অধিনায়কত্বত ২০১০ চনত ভাৰতৰ হৈ অভিষেক ঘটিছিল বৃদ্ধিমান সাহাৰ। ২০২১ চনত বিৰাট কোহলীৰ অধিনায়কত্বত টীম ইণ্ডিয়াৰ হৈ অন্তিমখন খেল খেলিছিল।
সাহাই টীম ইণ্ডিয়াৰ হৈ ৪০ খন টেষ্ট আৰু ৯ খন এদিনীয়া মেচ খেলিছিল। তেওঁ ৪০খন টেষ্ট মেচত ২৯.৪১ গড়ে ১৩৫৩ ৰান সংগ্ৰহ কৰে, য’ত ৩ শতক আৰু ৬টা অৰ্ধশতক অন্তৰ্ভুক্ত। আনহাতে ৯খন এদিনীয়া মেচত তেওঁ মাত্ৰ ৪১ ৰানহে কৰিব পাৰিছিল। ইয়াৰ বাহিৰেও তেওঁ ১৭০খন আই পি এল মেচত ২৯৩৪ ৰান সংগ্ৰহ কৰে।