বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত অপ্ৰত্যাশিতভাৱে পৰাজয়ৰ সন্মুখীন হ’ল ভাৰত। পাৰ্থ টেষ্টত দুৰ্দমনীয় প্ৰদৰ্শন আগবঢ়োৱা ভাৰতে দ্বিতীয়খন টেষ্টত ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ হাতত ১০ উইকেটত পৰাস্ত হয়।
এডিলেইডত পিংক বলেৰে খেলা দ্বিতীয়খন টেষ্টত পুনৰ এবাৰ ভাৰতীয় দলৰ বেটাৰসকল অসহায় হৈ পৰা পৰিলক্ষিত হয়। এই জয়ৰ লগে লগে পাঁচখন মেচৰ শৃংখলাটো ১-১ত সমতা স্থাপন কৰে অষ্ট্ৰেলিয়াই।
শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতে ২৯৫ ৰানত জয়ী হৈছিল। প্ৰথমখন মেচত দলক নেতৃত্ব প্ৰদান কৰা যশপ্ৰীত বুমৰাহৰ দমনীয় বলিং প্ৰদৰ্শনৰ সমান্তৰালকৈ জয়ছৱাল আৰু বিৰাট কোহলীৰ দৰ্শনীয় শতকীয় ইনিংছৰ সহায়ত ভাৰতে বিজয় সাব্যস্ত কৰিছিল।
অৱশ্যে দ্বিতীয়খন টেষ্টত নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত দলে খেলপথাৰত নামিছিল যদিও ভাৰতীয় বেটাৰসকলে দুয়োটা ইনিংছতে সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। প্ৰথম ইনিংছত দলটোৱে মাত্ৰ ১৮০ ৰানতে ইনিংছ সামৰিছিল।
ইয়াৰ প্ৰত্যুত্তৰত ঘৰুৱা দল অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৩৩৭ ৰান। অষ্ট্ৰেলিয়াৰ হৈ ট্ৰেভিছ হেডে আক্ৰমণাত্মক বেটিং কৰি ১৪০ ৰানৰ শতকীয় ইনিংছ খেলে। এইদৰে অষ্ট্ৰেলিয়া দলে প্ৰথম ইনিংছত ১৫৭ ৰানৰ বৃহত অগ্ৰগতি লাভ কৰে।
দ্বিতীয় ইনিংছত ভাৰতীয় বেটাৰৰৰ পৰা উন্নতমানৰ প্ৰদৰ্শন আশা কৰা হৈছিল যদিও পুনৰ এবাৰ সেই আশাত চেচা পানী ঢালে অষ্ট্ৰেলিয়াৰ বলাৰে। টপ অৰ্ডাৰ, মিডল অৰ্ডাৰৰ লগতে ল’ৱাৰ অৰ্ডাৰৰ বেটছমেনসকলে আশানুৰূপ প্ৰদৰ্শন আগবঢ়োতা ব্যৰ্থ হোৱাত মাত্ৰ ১৭৫ ৰানতে ইনিংছ সামৰে ভাৰতে। যাৰ ফলত অষ্ট্ৰেলিয়া দলক বিজয়ৰ বাবে প্ৰয়োজন হয় মাত্ৰ ১৯ ৰানৰ।
অষ্ট্ৰেলিয়া দলে ১০ উইকেটতে এই সহজ লক্ষ্যত উপনীত হৈ শৃংখলাটোত সমতা স্থাপন কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়া দলৰ হৈ প্ৰথম ইনিংছত মিচেল ষ্টাৰ্কে ৬টা আৰু দ্বিতীয় ইনিংছত অধিনায়ক পেট কামিন্সে ৫টা উইকেট দখল কৰে।