মানৱতা আৰু সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা তেলেংগানাৰ আদিলাবাদ জিলাৰ উটনৌৰ মণ্ডলৰ শ্যামপুৰ গাঁৱৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো হ’ল এখন গাঁৱৰ মানুহে গোট খাই শ্বেখ চেলিমৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে।
সমাজৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ বাবে পৰিচিত এজন মুছলমান ব্যক্তি চেলিম। বৰ্তমান তেওঁ জীৱন অতি সংকটজনক হৈ আছে। এক জটিল ৰোগৰ সৈতে তেওঁ যুঁজি আছে।
শ্বেখ চেলিম মূলতঃ শ্যামপুৰৰ আৰু ৩০ বছৰ পূৰ্বে তেওঁ কৰ্মসূত্ৰে হায়দৰাবাদলৈ আহে। তেওঁ এখন চিকিৎসালয়ত লেব টেকনিচিয়ান হিচাপে কাম কৰিবলৈ লয়। এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হায়দৰাবাদত বসবাস কৰিও তেওঁ জন্ম গাঁৱৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ থাকে আৰু বিভিন্ন সমাজসেৱাৰ কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
চেলিম প্ৰায়ে গাঁৱৰ বহুলোকক চিকিৎসাৰ বাবে হায়দৰাবাদলৈ লৈ আহিছিল, যিসকলে সা-সুবিধাৰ অভাৱত তাত উন্নত চিকিৎসা লাভ কৰিব পৰা নাছিল। তেওঁৰ সামাজিক কামেই মানুহক তেওঁৰ অনুগামী কৰি তুলিছিল। মানুহে তেওঁৰ ওপৰত ইমানেই আপ্লুত হৈছিল যে, যেতিয়া চেলিমৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেতিয়া তেওঁলোকে সহ্য কৰিব নোৱাৰিলে আৰু তেওঁৰ বাবে মন্দিৰত তেওঁৰ সুস্বাস্থ্যৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰে।
শেহতীয়াকৈ যেতিয়া চেলিমৰ সংকটজনক অৱস্থাৰ খবৰ বিয়পি পৰে, তেতিয়া শ্যামপুৰৰ হিন্দু বাসিন্দাসকলে স্থানীয় হনুমান মন্দিৰত এক যজ্ঞৰ আয়োজন কৰে। এই সময়ত সকলো গোট খাই তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। সম্প্ৰতি চেলিমৰ স্বাস্থ্যত কিছু স্থিৰতা আহিছে।









