ভাৰতত কিছু মুহূৰ্তৰ বাবে টিকটক মুকলি কৰা বাতৰিৰ ওপৰত ভাৰতীয় কৰ্তৃপক্ষই দিছে এক স্পষ্টীকৰণ। স্পষ্টীকৰণৰ পিছত এয়া স্পষ্ট হৈ উঠিছে যে বাইটডান্সৰ মালিকানাধীন চুটি ভিডিঅ’ এপটো ভাৰতলৈ অতি সোনকালে ঘূৰি নাহে।
ভাৰতীয় কৰ্তৃপক্ষ আৰু বাইটেডেন্সে স্পষ্ট কৰি দিছিল যে এই এপটো দেশখনত নিষিদ্ধ হৈ আছে। অৱশ্যে ভাৰতীয় কাৰ্যালয়ৰ বাবে টিকটকে নিযুক্তিৰ সুবিধা মুকলি কৰিছে। টিকটক ইণ্ডিয়াই গুৰগাঁও কাৰ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদৰ বাবে নিযুক্তি আৰম্ভ কৰিছে। লিংকডইনৰ দৰে পেছাদাৰী নেটৱৰ্কিং চাইটত প্ৰকাশ পোৱা চাকৰিৰ পোষ্টিঙৰ বাবে বহুতে বিশ্বাস কৰাইছে যে ভাৰত আৰু চীনৰ মাজত ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধিৰ সময়ত ২০২০ চনত জাৰি কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ কথা হয়তো চৰকাৰে চিন্তা কৰিছে।
অৱশ্যে এই উৰাবাতৰিসমূহ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী বিষয়াসকলে ক্ষীপ্ৰতাৰে আগবাঢ়িছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ভিতৰৰ সূত্ৰই নিশ্চিত কৰিছে যে এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ আছে আৰু এপটো আনব্লক কৰিবলৈ কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাই। ভাৰতৰ গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰ দুয়োটাতে ডাউনলোড কৰিব পৰা নাই কোম্পানীটোৰ এপটো। মন্ত্ৰালয়ে এপটো পুনৰ প্ৰৱেশযোগ্য হোৱাৰ যিকোনো প্ৰতিবেদনক “মিছা আৰু বিভ্ৰান্তিকৰ” বুলিও লেবেল লগাইছে।
২০২০ চনৰ জুন মাহত টিকটককে ধৰি ৫৯টা মোবাইল এপে “ভাৰতৰ সাৰ্বভৌমত্ব, নিৰাপত্তা, আৰু জনশৃংখলাৰ প্ৰতি ক্ষতিকাৰক” বুলি উদ্বেগ প্ৰকাশ কৰি নিষেধাজ্ঞাৰ জাৰি কৰা হৈছিল। সেই সময়ত বিষয়াসকলে চীনৰ চাৰ্ভাৰলৈ তথ্য লিক হোৱাৰ উদাহৰণ দেশজোৰা নিষেধাজ্ঞাৰ প্ৰধান কাৰণ হিচাপে উল্লেখ কৰিছিল।