তিনিচুকীয়া জিলাৰ শদিয়াৰ কুণ্ডিল নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা চাৰিজন কিশোৰৰ দুজন কিশোৰৰ মৃতদেহ অৱশেষত তিনিদিন পিছত উদ্ধাৰ হয়। NDRF-ৰ এটা দলে নিখোজ ছাত্ৰ দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, বুধবাৰে বিয়লি শদিয়াৰ পাগলাম গাঁৱৰ ভাস্কৰ ভট্টৰাই, অমৃত ছেত্ৰী, বিবেক ছেত্ৰী আৰু ৰাম ভট্টৰাই নামৰ ১৫ বছৰীয়া কিশোৰ চাৰিজনে কুণ্ডিল নদীত গা ধুবলৈ গৈ নিখোজ হৈছিল। কুণ্ডিল নদীত গা ধুই থকা অৱস্থাত চাৰিওজন ছাত্ৰ নদীত ডুব যায়।
ইয়াৰে ভাস্কৰ ভট্টৰাই আৰু অমৃত ছেত্ৰীৰ মৃতদেহ স্থানীয় লোকে বুধবাৰে বিয়লি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু নিখোজ হৈ আছিল বিবেক ছেত্ৰী আৰু ৰাম ভট্টৰাই নামৰ কিশোৰ দুজন।
বৃহস্পতিবাৰে পুৱাৰ পৰা SDRF-ৰ এটা দলে কুণ্ডিল নদীত উদ্ধাৰ অভিযান চলাইছিল যদিও বিশেষ সফলতা লাভ কৰা নাছিল।
কিন্তু শুকুৰবাৰে পুৱা উদ্ধাৰ অভিযান চলাবলৈ ঘটনাস্থলত উপস্থিত হয় NDRF-ৰ এটা দল। দলটোৱে অভিযান চলোৱাৰ কিছু সময় পিছতেই কুণ্ডিল নদীৰ বুকুৰ পৰা বিবেক ছেত্ৰী আৰু ৰাম ভট্টৰাই নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
শদিয়াৰ পাগলাম নামৰ একেখন গাঁৱৰেই চাৰিজনকৈ ছাত্ৰৰ এইদৰে কুণ্ডিল নদীত সলিল সমাধি হোৱা ঘটনাই সমগ্ৰ শদিয়া অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে।