মেষ-সাংসাৰিক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম, উজ্জীৱিত হৈ থাকিব। কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ইতিবাচক হৈ থাকিব। আৰ্থিক লাভৰ যোগ আছে ।শুভ সংখ্যা -৫, শুভ ৰং-নীলা।
বৃষ-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।
মিথুন-আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে শান্তি অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে। শুভ সংখ্যা -৬, শুভ ৰং-নীলা।
কৰ্কট- আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট শুভ হ’ব। বিদ্যাত সুনাম বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ নম্বৰ-৮, শুভ ৰং-সুমথিৰা।
সিংহ- আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব। ব্যৱসায়-বাণিজ্যত শুভ ফল লাভ কৰিব। বিনিয়োগৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ সংখ্যা -২, শুভ ৰং-সেউজীয়া।
কন্যা-আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত খৰধৰ নকৰিব।শুভ সংখ্যা -৪, শুভ ৰং-সুমথিৰা।
তুলা- আজি দিনটোত আপোনাৰ দূৰ ভ্ৰমণৰ যোগ আছে। বিদ্যাত শুভ। ব্যবসায়- বাণিজ্যত শুভ সংবাদ লাভ কৰিব। ৰাজনীতিত শুভ সংবাদ লাভ কৰিব। শুভ সংখ্যা -৭, শুভ ৰং-নীলা।
বৃশ্চিক- আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে আৰ্থিকভাৱে অভাৱ সবল হৈ থাকিব৷ পদোন্নতি, প্ৰশংসা প্ৰাপ্তিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং-নীলা।
ধনু-ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। কৰ্ম সম্পৰ্কীয় সিদ্ধান্তবোৰ গোপনে ৰাখক। শুভ সংখ্যা -৩, শুভ ৰং-পাতল গুলপীয়া।
মকৰ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু জটিলতা আহিব পাৰে। শুভ সংখ্যা -৭, শুভ ৰং-সোণালী।
কুম্ভ-শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে লক্ষণীয় সফলতা লাভ কৰিব।কামত সাৱধানতা অৱলম্বন কৰিব। যাত্ৰাত খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। শুভ সংখ্যা -৫, শুভ ৰং-মটিয়া।
মীন-স্থায়ী সম্পত্তিৰ কামৰ পৰা বিপুল সুবিধা লাভ কৰিব পাৰে। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰাৰ পূর্ণ সম্ভাবনা আছে। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। শুভ সংখ্যা -১, শুভ ৰং-ৰঙা।