মেষ ৰাশি : আত্মবিশ্বাসী হৈ থকাটো আপোনাৰ বাবে ভাল, কিন্তু অহংকাৰী হ’লে বেয়া হ’ব। ব্যয় অধিক হ’লেও ধৰ্মীয় বা সামাজিক কাৰণত খৰচ কৰাৰ পৰা দূৰত নাথাকিব। স্বাস্থ্যক লৈ সজাগ থাকক।
বৃষ ৰাশি : চিন্তাধাৰাবোৰ ভাল হʼব। জীৱনত ভাল পদোন্নতি হʼব পাৰে। প্ৰশংসা লাভ। ব্যৱসায়িক দিশত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে।
মিথুন ৰাশি : দিনটো ভাল। প্ৰতিভা দেখুৱাব। প্ৰেমৰ সম্পর্ক ভাল হʼব। কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব।
কৰ্কট ৰাশি :কৰ্কট ৰাশিক জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বিশেষকৈ মধ্যমীয়া, বিশেষ কোনো ঘটনা নঘটে । মানসিক চিন্তা থাকিব । মন অস্থিৰ হৈ থাকিব । পাৰিবাৰিক বিবাদ এৰাই চলক । বিশ্ৰাম লওঁক ।
সিংহ ৰাশি :ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব । কাৰ্য কৰিবলৈ ভাগৰি পৰিব । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ।
কন্যা ৰাশি : সন্তানৰ স্বাস্থ্যৰ যত্ন লওক। বন্ধুৰ লগত পার্টী হʼব পাৰে। শিক্ষাৰ্থীৰ বাবে ভাল দিন। পেছাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল।
তুলা ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব।
বৃশ্চিক ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব। দিনটো আনন্দময় হʼব। কথাবোৰ ভালদৰে চিন্তা কৰিব। মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক।
ধনু ৰাশি : এই সপ্তাহত আইনী দলিলত খৰচ বৃদ্ধি হʼব পাৰে। চৰকাৰী নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব। টকা-পইচা অনিশ্চিত হʼব পাৰে। খৰচ বৃদ্ধি হʼব পাৰে। কৰ্ম-ব্যৱসায়ত সতৰ্ক হৈ থকাটো ভাল।
মকৰ ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব। কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। নিৰুৎসাহিত হৈ পৰিব পাৰে। কৰ্ম জীৱন ভাল। কৰ্ম জীৱনত ভাল বন্ধু লাভ।
কুম্ভ ৰাশি : আজি আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব। পুৰণি কৰ্মত সফল হʼব। পুৰণি বিবাদবোৰ অন্ত কৰিবলৈ চেষ্টা কৰক।
মীন ৰাশি : গ্ৰহৰ অৱস্থান অনুকূল। আজি আত্মবিশ্বাসী আৰু সুদৃঢ় মানসিকতা লৈ থাকিব। প্ৰেমত শুভ। ভ্ৰমণৰ যোগ। সুস্বাদু আহাৰ খাব পাৰে। দাম্পত্য সুখৰ যোগ।