মেষ- আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস অতি শক্তিশালী হ’ব, যাৰ বাবে আপুনি আপোনাৰ কামত উৎসাহেৰে অংশগ্ৰহণ কৰিব পাৰিব আৰু সফলতা লাভ কৰিব। কঠোৰ পৰিশ্ৰম আৰু সঠিকভাৱে কৰা কামে লাভ কঢ়িয়াই আনিব। শুভ নম্বৰ-৩, শুভ ৰং-হালধীয়া
বৃষ- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব, ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি সকাহ অনুভৱ কৰিব। পৰিয়ালত আপোনাৰ স্থিতি শক্তিশালী হ’ব। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া আৰু ৰঙা
মিথুন- আজিৰ দিনটো অনুকূল দিন হ’ব। শিক্ষাৰ্থীৰ শুভ। মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে সহযোগিতা লাভ কৰিব। শুভ নম্বৰ- ৮, শুভ ৰং-নীলা
কৰ্কট- আজি আপোনাৰ বাবে শুভ দিন। ব্যৱসায় শক্তিশালী হ’ব আৰু আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন ধাৰণা ৰূপায়ণ কৰিব পাৰিব। শুভ নম্বৰ- ৩, শুভ ৰং-গুলপীয়া
সিংহ-পৰিয়ালত সুখ আৰু শান্তি বাঢ়িব। আপোনাৰ স্বাস্থ্যও ভাল হ’ব।মন উৎফুল্লিত হৈ থাকিব।শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ- ৫, শুভ ৰং-গুলপীয়া
কন্যা- শিক্ষাৰ্থীৰ শুভ। আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ১, শুভ ৰং-সুমথিৰা আৰু হালধীয়া
তুলা- আজি আপোনাৰ বাবে সুখেৰে ভৰা দিন হ’ব। পৰিয়ালৰ লোকে আপোনাক প্ৰশংসা কৰিব, যাৰ ফলত আপোনাৰ মনটো সুখী হ’ব। পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব। ব্যৱসায়ত স্থিতি সুস্থিৰ। প্ৰেমত শুভ। শুভ নম্বৰ- ৬, শুভ ৰং-নীলা
বৃশ্চিক-মানসিক স্বাস্থ্য উন্নত৷ নিজৰ কামৰ নিখুঁত পৰিকল্পনা কৰক, আগুৱাই যাব পাৰিব৷ অসমাপ্ত কামবোৰ সম্পন্ন হ’ব৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ লাভ৷ শাৰীৰিকভাৱে সুস্থ৷ শুভ নম্বৰ-৮, শুভ ৰং-পাজল নীলা
ধনু- আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন। কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যাব লাগিব পাৰে। চাকৰিত অধিক পৰিশ্ৰম কৰিব, যাতে আপোনাৰ কৰ্মদক্ষতা মানুহৰ সন্মুখত উপস্থাপন কৰিব পাৰে। শুভ নম্বৰ- ২, শুভ ৰং-বগা
মকৰ- ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ নম্বৰ- ৪, শুভ ৰং-পাতল সেউজীয়া
কুম্ভ- ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনাৰ উপাৰ্জনও ভাল হ’ব। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। শুভ নম্বৰ- ৩, শুভ ৰং-ৰঙা
মীন- আৰ্থিক সমস্যাৰ পৰা কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-বগা