মেষ- আজিৰ দিনটোত আপোনাৰ মানসিক শক্তি কিছু শক্তিশালী হ’ব। ৰাজনৈতিক দিশত সফলতা লাভ কৰিব পাৰিব। শৰীৰে কিছু আমনি দিব পাৰে। দূৰ ভ্ৰমণৰ যোগ। শুভ নম্বৰ-৩, শুভ ৰং-হালধীয়া।
বৃষ- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। ক’ৰ্ট-কাছাৰীৰ কোনো সমস্যা থাকিলে সমাধান হ’ব। বিবাহ সম্পৰ্কীয় কোনো কথা আলোচনা হ’ব পাৰে। পৰিয়ালত আপোনাৰ স্থিতি শক্তিশালী হ’ব। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া আৰু ৰঙা।
মিথুন- আজিৰ দিনটো অনুকূল দিন হ’ব। দাম্পত্য জীৱনত কোনো সমস্যাই দেখা দিব পাৰে। মন শান্ত হৈ থাকিব। শৰীৰ মধ্যম। শুভ নম্বৰ- ৮, শুভ ৰং-নীলা।
কৰ্কট- আজি আপোনাৰ বাবে এটা সুন্দৰ দিন। ব্যৱসায়িক দিশত যথেষ্ট সফলতা লাভ কৰিব। বন্ধুবৰ্গৰ পৰা সহায় লাভ। শুভ নম্বৰ- ৩, শুভ ৰং-গুলপীয়া।
সিংহ-পৰিয়ালত সুখ আৰু শান্তি বাঢ়িব। আপোনাৰ স্বাস্থ্যও ভাল হ’ব। প্ৰেমত শুভ। ভ্ৰমণৰ যোগ। শুভ নম্বৰ- ৫, শুভ ৰং-গুলপীয়া।
কন্যা- শিক্ষাৰ্থীৰ শুভ। আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ১, শুভ ৰং-সুমথিৰা আৰু হালধীয়া।
তুলা- আজি দিনটোত আপোনাৰ কোনো দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব। পৰিয়ালৰ লোকৰ সৈতে সময় অতিবাহিত কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপা লাভ কৰিব। মনৰ অশান্তি দূৰ হ’ব। ব্যৱসায়ত স্থিতি সুস্থিৰ প্ৰেমত শুভ। শুভ নম্বৰ- ৬, শুভ ৰং-নীলা।
বৃশ্চিক-মানসিক স্বাস্থ্য উন্নত৷ নিজৰ কামৰ নিখুঁত পৰিকল্পনা কৰক, আগুৱাই যাব পাৰিব৷ অসমাপ্ত কামবোৰ সম্পন্ন হ’ব৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ লাভ৷ শাৰীৰিকভাৱে সুস্থ৷ শুভ নম্বৰ-৮, শুভ ৰং-পাজল নীলা।
ধনু- আজি এটা ভাল দিন হ’ব। বহুদিনীয়া আশা পূৰ্ণ হ’ব। চাকৰিটোত অধিক কঠোৰ পৰিশ্ৰম কৰিব, যাতে আপোনাৰ কৰ্মদক্ষতা মানুহৰ সন্মুখত উপস্থাপন কৰিব পাৰে। শুভ নম্বৰ- ২, শুভ ৰং-সুমথিৰা।
মকৰ- ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ নম্বৰ- ৪, শুভ ৰং-পাতল সেউজীয়া।
কুম্ভ- ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনাৰ উপাৰ্জনও ভাল হ’ব। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। শুভ নম্বৰ- ৩, শুভ ৰং-ৰঙা।
মীন- বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-বগা।