অৱশেষত মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক দীপাংকৰ বৰ্মন।ট্ৰেডিং প্ৰৱঞ্চক আছিল দীপাংকৰ বৰ্মন। গোৱাৰ পৰা আটক কৰা হৈছে পলাতক দীপাংকৰ বৰ্মনক। গোৱাৰ পানজিমত আত্মগোপন কৰি আছিল প্ৰৱঞ্চকগৰাকীয়ে।
DB ষ্টক নামৰ ট্ৰেডিং কেলেংকাৰীৰে বৃহৎ জাল মেলিছিল এই প্ৰৱঞ্চকগৰাকীয়ে। বিগত ৬৬ দিনে পলাতক অৱস্থাত আছিল দীপাংকৰে। ৭ হাজাৰ কোটি টকাৰ লুণ্ঠন কৰি পলাতক অৱস্থাত আছিল দীপাংকৰ।
ACP অমিত মহাতোৰ নেতৃত্বত যোৱা পানবজাৰ আৰক্ষীয়ে চলাইছিল অভিযান।গুৱাহাটীত বিলাসী হোটেল খুলি জাল পেলাইছিল দীপাংকৰে। প্ৰথমে আৰক্ষীৰ জালত পৰিছিল দীপাংকৰৰ প্ৰেয়সীক।
মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ পিতৃ-মাতৃ তথা CA কো প্ৰেপ্তাৰ কৰিছিল। মহা প্ৰৱঞ্চক দীপাংকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰে কেইবাটাও গোচৰ। বহি:ৰাজ্যৰো কেইবাজনো লোক দীপাংকৰৰ জালত পৰিছিল।