২০২৫ চনৰ কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে নিকোলাছ পুৰানক। তেওঁ কাইৰন পোলাৰ্ডৰ ঠাইত অধিনায়কৰ ভূমিকা পালন কৰিব।
আই পি এলৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মালিকানাধীন ট্ৰিনবাগো দলটোক ২০১৯ চনৰ পৰা পোলাৰ্ডে নেতৃত্ব প্ৰদান কৰি আছিল। ইয়াৰ উপৰি ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ডোৱাইন ব্ৰাভোক দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।
যোৱা ৬টা ছিজনত অবিৰতভাৱে ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ অধিনায়কত্ব কৰা কাইৰন পোলাৰ্ডৰ ঠাইত নিকোলাছ পুৰানে স্থান লাভ কৰিছে। পোলাৰ্ডৰ অধিনায়কত্বত দলটোৱে ২০২০ চনত চিপিএলৰ খিতাপ দখল কৰিছিল।
আনহাতে ফিল ছিমনছৰ ঠাইত ডোৱাইন ব্ৰাভোৱে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে। বৰ্তমান বাংলাদেশ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্বত আছে ছিমনছ।
অধিনায়ক নিযুক্তি পোৱাৰ পিছতে নিকোলাছ পুৰানে সুখ প্ৰকাশ কৰি কয় যে ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ অধিনায়কত্ব লাভ কৰাটো তেওঁৰ বাবে এক সন্মানৰ বিষয় আৰু তেওঁ দলৰ বাবে নিজৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিব।