আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ পৰাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে অহৰহ কাম কৰি আহিছে। যুদ্ধ বন্ধ কৰিবলৈ তেওঁ কেৱল ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনা কৰাই নহয়, নিজৰ দলক ৰাছিয়া ভ্ৰমণলৈও পঠিয়াইছিল।
দৰাচলতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা ৬০ মিনিটৰ সাক্ষাৎকাৰত কৈছিল যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সন্দৰ্ভত কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে অথবা যিকোনো ধৰণৰ শান্তি প্ৰস্তাৱৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে এবাৰ ইউক্ৰেইন ভ্ৰমণ কৰাটো প্ৰয়োজন।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ তেওঁৰ সময়ছোৱাত নহয়, জো বাইডেনৰ সময়ছোৱাতহে হৈছিল। কিন্তু যেতিয়ালৈকে তেওঁৰ কাৰ্যকাল থাকিব, তেতিয়ালৈকে কোনোধৰণৰ নতুন সমস্যা সৃষ্টি নহ’ব আশ্বাস দিয়ে ট্ৰাম্পে।
তেওঁ কয় যে, এই যুদ্ধৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই, যদিও তেওঁ অহৰহ চেষ্টা কৰি আছে যাতে আৰু কোনো ধ্বংস নহয় আৰু কোনো লোকৰ ক্ষতি নহয়।