৩ জুলাইত নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিখ্যাত ‘ৱান বিগ বিউটিফুল বিল’ গৃহীত হয়। ট্ৰাম্পৰ অভিলাষী বিধেয়কখনে দেশৰ সংসদৰ চূড়ান্ত অনুমোদন লাভ কৰিছে।
‘এক বিগ বিউটিফুল বিল’ ২১৮-২১৪ৰ ব্যৱধানত প্ৰতিনিধি সদনৰ দ্বাৰা গৃহীত হয়। ২১৮জন সাংসদে বিধেয়কখন সমৰ্থন কৰাৰ বিপৰীতে ২১৪জন সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে।
এই কৰ বিধেয়কখন সদনে চূড়ান্ত অনুমোদন দিয়াৰ লগে লগে বিধেয়কখন স্বাক্ষৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ প্ৰেৰণ কৰা হয়। এই বিধেয়কখন গৃহীত হোৱাটো ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে।
চেনেট আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ দ্বাৰা গৃহীত হোৱাৰ পিছত এতিয়া এই বিধেয়কখন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হৈছে। একে সময়তে বিধেয়কখনৰ ওপৰত ভোটদানৰ সময়ত ৰিপাব্লিকান দলৰ দুজন সাংসদে দলীয় ৰেখাৰ পৰা বিচ্যুত হৈ ডেম’ক্ৰেটিক পাৰ্টিৰ সপক্ষে ভোটদান কৰে।
এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ট্ৰাম্পৰ বহু ডাঙৰ নীতিয়ে আইনী শক্তি লাভ কৰে, য’ত গণ বিতাড়ন (বহু সংখ্যক অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱা), সামৰিক আৰু সীমান্ত নিৰাপত্তাৰ বাবে অধিক খৰচ কৰা, আৰু প্ৰথম কাৰ্যকালৰ কৰ ৰেহাই আগবঢ়াই নিয়া আদিও অন্তৰ্ভূক্ত আছিল।
এই বিধেয়কখন গৃহীত হোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে কয় যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে (৪ জুলাই) সন্ধিয়া ৫ বজাত তেওঁৰ বৃহৎ কৰ ৰেহাই আৰু ব্যয় কৰ্তন এই বিধেয়কত স্বাক্ষৰ কৰিব।