ভাৰতৰ সৈতে শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ সিদ্ধান্ত লৈছে। ভাৰতত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে তেওঁৰ অন্যতম আত্মবিশ্বাসী চাৰ্জিঅ’গোৰক।
ইয়াৰ লগতে গোৰক দক্ষিণ আৰু মধ্যপ্ৰাচ্য এছিয়া বিষয়ৰ বিশেষ দূতৰ দায়িত্বও দিয়া হৈছে। ভাৰতৰ ওপৰত আৰোপ কৰা গধুৰ শুল্কৰ মাজতে ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ভাৰতত পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে মনোনীত হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চাৰ্জিঅ’ গোৰে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে, ভাৰতত আমেৰিকাক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান হ’ব।
ট্ৰাম্প প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ নিযুক্তি প্ৰক্ৰিয়াত গোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শেহতীয়াকৈ তেওঁ নাছাৰ মুৰব্বী পদৰ বাবে কোটিপতি জেৰেড আইজাকমেনক মনোনীত কৰাৰ প্ৰক্ৰিয়াতো জড়িত হৈ পৰিছিল। ট্ৰাম্পৰ দৃষ্টিভংগী অনুসৰি প্ৰশাসনিক গাঁথনি গঢ়ি তুলিবলৈ সক্ষম হোৱা ব্যক্তি হিচাপে গোৰক জনা যায়।
২০২৩ চনৰ ১১ মে’ৰ পৰা ২০২৫ চনৰ ২০ জানুৱাৰীলৈকে ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা এৰিক গাৰ্চেট্টীৰ পিছত চাৰ্জিঅ’গোৰে কাৰ্যনিৰ্বাহ কৰিব। তেওঁৰ পূৰ্বে কেনেথ জাষ্টাৰে (২০১৭–২০২১) কাৰ্যনিৰ্বাহ কৰিছিল। গাৰ্চেট্টীৰ কাৰ্যকাল শেষ হোৱাৰ পিছৰে পৰা ভাৰতত থকা আমেৰিকাৰ দূতাবাসৰ নেতৃত্বত আছিল জৰ্গান কে এণ্ড্ৰুজে, যিয়ে ২০২৫ চনৰ ২০ জানুৱাৰীত দায়িত্ব গ্ৰহণ কৰিছিল। তেতিয়ালৈকে তেওঁ হোয়াইট হাউছত বৰ্তমানৰ ভূমিকা পালন কৰি যাব।