ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে ভাৰতে নিজৰ প্ৰয়োজন অনুসৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। ইফালে ৰাছিয়াই এটা ডাঙৰ সিদ্ধান্ত লৈ ভাৰতক তেল ক্ৰয়ৰ ক্ষেত্ৰত ৫% ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে।
ভাৰতত ৰাছিয়াৰ উপ বাণিজ্য প্ৰতিনিধি ইভগেনি গ্ৰীভাই কয় যে, ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতে ৫% ৰেহাই পাব, যিটো আলোচনাৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব। গ্ৰীভাই লগতে কয় যে ৰাজনৈতিক পৰিস্থিতিৰ মাজতো ভাৰতে প্ৰায় একে মাত্ৰাৰ তেল আমদানি কৰি যাব। এই ৰেহাই ব্যৱসায়িক গোপনীয়তা বুলিও তেওঁ কয়। সাধাৰণতে ই ব্যৱসায়ীৰ মাজত হোৱা আলোচনাৰ ওপৰত ভিত্তি কৰি কৰা হয় আৰু প্ৰায় ৫% হৈ থাকে।
গ্ৰীভাৰ সৈতে ৰাছিয়াৰ মিছনৰ উপ মুৰব্বী ৰোমান বাবুষ্কিনেও এক বিবৃতি দিয়ে। তেওঁ কয় যে পৰিস্থিতি প্ৰত্যাহ্বানমূলক, কিন্তু ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ ওপৰত আস্থা আছে। তেওঁ আৰু কয় যে, বাহ্যিক হেঁচাত পৰিলেও ভাৰত-ৰাছিয়াৰ শক্তি সহযোগিতা অব্যাহত থাকিব বুলি ৰাছিয়া নিশ্চিত।
আমেৰিকাই ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইন যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। হোয়াইট হাউছৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰোৱে কয় যে ভাৰতে ৰাছিয়াৰ তেলৰ বাবে বিশ্বব্যাপী ক্লিয়াৰিংহাউছ হিচাপে কাম কৰে, নিষিদ্ধ খাৰুৱা তেলক উচ্চ মূল্যৰ ৰপ্তানিলৈ ৰূপান্তৰিত কৰে আৰু মস্কোক ডলাৰ যোগান ধৰে।
ড’নাল্ড ট্ৰাম্পে আৰম্ভণিৰে পৰাই ব্ৰিকছ দেশসমূহক ভাবুকি দি আহিছে। তেওঁ ৰাছিয়াক ভাবুকি দি কৈছিল যে যদিহে ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ কোনো পদক্ষেপ লোৱা নহয়, তেন্তে তেওঁ মস্কোৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিব। তেওঁ কৈছিল যে যিবোৰ দেশে ৰাছিয়াৰ তেল ক্ৰয় কৰে, সেইবোৰ দেশৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হ’ব। উল্লেখ্য যে ৰাছিয়াৰ তেলৰ সৰ্বাধিক ক্ৰেতা চীন আৰু ভাৰত।