ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বিচৰা নাছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে এতিয়া তেওঁ এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। ১৫ অক্টোবৰত ট্ৰাম্পে কয় যে, ভাৰতে আৰু ৰাছিয়াৰ তেল ক্ৰয় নকৰে।
অৱশ্যে এই দাবীৰ আঁৰৰ সত্য বৈদেশিক মন্ত্ৰালয়ৰ সঁহাৰিৰ পিছতহে গম পোৱা যাব। ইয়াৰ উপৰিও মন কৰিবলগীয়া যে, ট্ৰাম্পে ভাৰতক লৈ বিগত সময়ত কেইবাটাও মিছা দাবী কৰিছিল।
ৰাছিয়াৰ তেল সন্দৰ্ভত ট্ৰাম্পে কেইবাটাও বক্তব্য আগবঢ়াইছে। তেওঁ দাবী কৰে যে ৰাছিয়াই নিজৰ উপাৰ্জন ইউক্ৰেইন যুদ্ধত বিনিয়োগ কৰিছে আৰু সেইবাবেই তেওঁ নিবিচাৰে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰক। ইয়াৰ বাবে ক্ষুব্ধ হৈ ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰে। ভাৰত আৰু চীনৰ ওপৰতো গধুৰ শুল্ক আৰোপ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এতিয়া আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধ চলি আছে।
মন কৰিবলগীয়া যে শেহতীয়াকৈ ট্ৰাম্পে ভাৰতক মহান দেশ বুলি অভিহিত কৰি ভাৰতৰ বিষয়ে উচ্চ কথা কৈছিল। তেওঁ আনকি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাও কৰে।