ভাৰতকে ধৰি অন্য বহুকেইখন দেশৰ ওপৰত আমেৰিকাই আৰোপ কৰিছে গধুৰ শুল্ক। এই শুল্ক বৃদ্ধিৰ ফলত সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন দেশৰ মাজত ধাৰাবাহিকভাৱে আলোচনা চলি আছে যদিও বৰ্তমানেও ইয়াৰ ফলাফল স্পষ্ট নহয়।
ইফালে ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কক লৈ ট্ৰাম্পৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে বহু আমেৰিকান ৰাজনীতিবিদ। আমেৰিকাৰ প্ৰতিনিধি প্ৰমিলা জয়পালে কয় যে, শুল্ক বৃদ্ধিৰ বাবে আমেৰিকাই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমেৰিকাৰ শুল্ক বৃদ্ধিয়ে ভাৰতৰ অৰ্থনীতিৰ ক্ষতি কৰিছে। ইয়াৰ ফলত আমেৰিকাৰ ব্যৱসায়ী আৰু গ্ৰাহকো ক্ষতিগ্ৰস্ত হৈছে।
আমেৰিকাৰ প্ৰতিনিধি ছিডনী কামগাৰ-ড’ভেও এই শুল্কৰ বিৰোধিতা কৰি কয় যে, ট্ৰাম্প প্ৰশাসনে দশক দশক ধৰি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে শক্তিশালী হোৱা সম্পৰ্কক ক্ষতিগ্ৰস্ত কৰিছে। এই শুল্কসমূহে ভাৰতক অৰ্থনৈতিকভাৱে ক্ষতি কৰিছে বুলিও কয় ছানীয়ে।
৫০% শুল্ক আৰোপ কৰাটো ভাৰতক পৃথক কৰাৰ এক পদক্ষেপ। ভাৰতীয় তেল আমদানিৰ ওপৰত আৰোপ কৰা ২৫% শুল্কও অন্যায় বুলিও কয় ছানীয়ে। লগতে তেওঁ কয় আমেৰিকাৰ একাংশই ৰাছিয়াৰ সৈতে গোপন চুক্তি কৰিবলৈ চেষ্টা কৰিছে।
এইচ-১বি ভিছাৰ ওপৰত এক লাখ ডলাৰ (প্ৰায় ৮৩ লাখ টকা) মাচুল আৰোপ কৰাটো বিজ্ঞান, প্ৰযুক্তি, চিকিৎসা, কলাৰ ক্ষেত্ৰত আমেৰিকাক নতুন উচ্চতালৈ অনা ভাৰতীয় পেছাদাৰীসকলৰ বাবে এক বিপৰ্যয় হ’ব বুলিও কামগাৰে উদ্বেগ প্ৰকাশ কৰে।
কামগৰে সকীয়াই দিয়ে যে, এই ভুল নীতিয়ে ভাৰতৰ দৰে কৌশলগত অংশীদাৰক বিচ্ছিন্ন কৰিব পাৰে আৰু ইয়াৰ সুবিধা চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে ল’ব। তেওঁ কয় যে, এনে সিদ্ধান্তৰ বাবে ট্ৰাম্পে নোবেল বঁটা লাভ নকৰে, বৰঞ্চ অংশীদাৰিত্বহে ভংগ কৰিব।











