ভাৰতে কম সময়ৰ বাবে দেশ ভ্ৰমণ কৰা চীনা পেছাদাৰীসকলৰ ব্যৱসায়িক ভিছাৰ ক্ষিপ্ৰ অনুমোদন নিশ্চিত কৰিবলৈ নিয়ম সংশোধন কৰিছে। পূৱ লাডাখ সীমান্তৰ বিবাদৰ পিছত দুয়োপক্ষৰ মাজত সম্পৰ্ক উন্নত কৰাৰ প্ৰচেষ্টা চলোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
অৱশ্যে শুকুৰবাৰে এই পৰিঘটনাৰ সৈতে পৰিচিত লোকসকলে কয় যে চীনৰ সকলো ভিছা আবেদনকাৰীৰ বাবে বৰ্তমানৰ ভেটিং প্ৰক্ৰিয়াত কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
ইয়াৰ পূৰ্বে কম সময়ৰ বাবে ভাৰত ভ্ৰমণ কৰা চীনা পেছাদাৰীসকলক ছমাহ বা তাতকৈ অধিক সময়ৰ বৈধতা থকা নিয়োগ ভিছা বা ই-ভিছা প্ৰদান কৰা হৈছিল। নিয়মৰ এই পৰিৱৰ্তনসমূহ সকলো দেশৰ ভিছা আবেদনকাৰীৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰযোজ্য হ’ব যদিও চীনৰ নাগৰিকসকলে আটাইতকৈ বেছি লাভৱান হোৱাৰ সম্ভাৱনা আছে। বাণিজ্যিক ভিছাৰ বাবে সকলো আবেদন তিনি-চাৰি সপ্তাহৰ ভিতৰত প্ৰক্ৰিয়াকৰণ কৰা হ’ব।
নতুন দিল্লীৰ এই সিদ্ধান্তৰ ফলত ভাৰতলৈ আহি চীনা বিশেষজ্ঞসকলে বিভিন্ন খণ্ডত চীনা সঁজুলি আৰু যন্ত্ৰপাতি ব্যৱহাৰ কৰা কোম্পানীসমূহক কাৰিকৰী সাহায্য প্ৰদান কৰাৰ সম্ভাৱনা আছে। ইফালে, চীনৰ পেছাদাৰীসকলৰ বাবে ব্যৱসায়িক ভিছাৰ অনুমোদন ক্ষিপ্ৰতাৰে ভাৰতৰ পদক্ষেপক আদৰণি জনাই বেইজিঙে ইয়াক এক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰে।
পাঁচ বছৰতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত ২০২৫ চনৰ জুলাই মাহত ভাৰতে চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদানৰ কাম আৰম্ভ কৰিছিল, যিয়ে দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছিল। গ্ৰুপ পৰ্যটককে ধৰি ভাৰতীয় পৰ্যটককো পুনৰ ভিছা প্ৰদানৰ কাম আৰম্ভ কৰিছে চীনে।
২০২৫ চনৰ অক্টোবৰ মাহত দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ হয়।আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে গুৰুতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আৰু সীমা সমস্যাৰ ন্যায্য সমাধানৰ দিশত কাম কৰিবলৈ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ সন্মত হয়। চাংহাই সহযোগিতা সন্মিলনৰ সময়ত চীনৰ টিয়ানজিনত অনুষ্ঠিত এখন বৈঠকত প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙেও বিশ্ব বাণিজ্য সুস্থিৰ কৰাৰ বাবে বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।












