আমেৰিকাই ভেনিজুৱেলাত বিমান আক্ৰমণ কৰি দেশখনৰ নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰে। মাদুৰোক নিউয়ৰ্কৰ এখন জেলত ৰখা হৈছে। ডনাল্ড ট্ৰাম্পৰ এই কাৰ্যৰ দ্বাৰা লেটিন আমেৰিকাৰ দেশসমূহৰ চিন্তা বাঢ়িছে।এই দেশসমূহে মাৰ্কিন সেনাৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰে। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ক মুকলিকৈ ধমকি দিয়ে।
কলম্বিয়াৰ ৰাষ্ট্ৰপতি সন্দৰ্ভত ট্ৰাম্পে কয় যে, পেট্ৰ’ৱে কোকেইনৰ ব্যৱসায় কৰে আৰু সেইয়া আমেৰিকা যুক্তৰাষ্ট্ৰলৈও প্ৰেৰণ কৰে। গতিকে তেওঁৱো সাৱধান হৈ থকাটো দৰকাৰ। পেট্ৰ’ৰ অন্যতম ঘনিষ্ঠ মিত্ৰ মাদুৰোৰ নাম নোলোৱাকৈয়ে তেওঁ ৱাশ্বিংটনৰ এই কাৰ্যক “লেটিন আমেৰিকাৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰে। কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ইয়াৰ ফলত মানৱীয় সংকটৰ সৃষ্টি হ’ব।
কেৰিবিয়ানত ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন হোৱা জাহাজৰ বিৰুদ্ধে যুঁজিবলৈ ট্ৰাম্পে সামৰিক নিয়োগ কৰাক লৈ গুস্তাভো পেট্ৰ’ই কণ্ঠস্বৰ সমালোচক হৈ আহিছে। শেহতীয়াকৈ ট্ৰাম্পে কয় যে তেওঁৰ ড্ৰাগছ বিৰোধী কৌশলৰ অংশ হিচাপে কলম্বিয়াৰ ড্ৰাগছ উৎপাদন পৰীক্ষাগাৰত আক্ৰমণ কৰাটো নুই নকৰে। ইফালে পেট্ৰ’ই এই বক্তব্যক আগ্ৰাসনৰ ভাবুকি বুলি গৰিহণা দিয়ে।
মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক কাৰাকাছৰ পৰা বহিষ্কাৰ কৰাৰ কেইঘণ্টামানৰ পাছতে ট্ৰাম্পে ঘোষণা কৰে যে আমেৰিকাই সাময়িকভাৱে দেশখন “অধিগ্ৰহণ” কৰিব। ট্ৰাম্পে কয় যে, যেতিয়ালৈকে আমেৰিকাই ক্ষমতাৰ নিৰাপদ, ন্যায়সংগত আৰু যুক্তিসংগত পৰিৱৰ্তন সাধন কৰিব নোৱাৰে তেতিয়ালৈকে দেশখনৰ শাসন ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, প্ৰয়োজন হ’লে আমেৰিকাই দ্বিতীয়টো ডাঙৰ আক্ৰমণ চলাবলৈ সাজু।
ঐবিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ইংগিত দিয়ে যে কিউবা ট্ৰাম্প প্ৰশাসনৰ পৰৱৰ্তী লক্ষ্য হ’ব পাৰে। ট্ৰাম্পে মেক্সিকোৰ সৈতে কিবা এটা কৰিব লাগিব বুলিও কয় আৰু লগতে কয় যে ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম এগৰাকী ভাল মহিলা, কিন্তু তেওঁ দেশখন চলাই থকা নাই। ট্ৰাম্পে কয়, শ্বেইনবামৰ সৈতে আমেৰিকাৰ অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, তেওঁ এগৰাকী ভাল মহিলা, কিন্তু কাৰ্টেলসমূহে মেক্সিকো চলাই আছে।










