ইছলামবাগত শান্তি চুক্তি বিফল হোৱাৰ পিছত ট্ৰাম্পৰ উদ্দেশ্যক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। তেওঁ হৰমুজ জলদ্বীপ সন্দৰ্ভত এক বৃহৎ কাৰ্য্য পৰিকল্পনা ঘোষণা কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট শ্বেয়াৰ কৰি ড’নাল্ড ট্ৰাম্পে লিখিছে যে, ইৰাণে হৰমুজ জলদ্বীপ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ইচ্ছাকৃতভাৱে তেনে কৰাত ব্যৰ্থ হোৱাৰ ফলত বিশ্বৰ বহু লোক আৰু দেশৰ বাবে উদ্বেগ, অস্থিৰতা আৰু দুখ-কষ্টৰ সৃষ্টি হৈছে।
ইয়াৰ ফলত ইৰাণৰ সুনামৰ যথেষ্ট ক্ষতি হৈছে বুলিও তেওঁ কয়। তথাপিও প্ৰতিশ্ৰুতি দিয়াৰ দৰে ইৰাণে আন্তঃৰাষ্ট্ৰীয় জলপথ মুকলি কৰাৰ প্ৰক্ৰিয়াটো যিমান সোনকালে পাৰে আৰম্ভ কৰাটো ভাল তেওঁলোকৰ দেশৰ বাবেই মংগল বুলি তেওঁ কয়।
ট্ৰাম্পে কয় যে, ইৰাণে প্ৰতিটো আইন উলংঘা কৰিছে। পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল অসীম মুনীৰ আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সক্ষম আৰু অতি সক্ষম নেতৃত্বত ইছলামবাদত অনুষ্ঠিত হোৱা বৈঠকৰ বিষয়ে মোক উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, বিশেষ দূত ষ্টিভ উইটকফ আৰু জেৰেড কুছনাৰে অৱগত কৰিছে।













