ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিক লৈ কৰা ডাঙৰ দাবী সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিছিল, সেয়ে আমি মাত্ৰ সমস্যা সমাধানতহে সহায় কৰিছো।
ট্ৰাম্পে কয়, ‘মই এইটো কোৱা নাই যে মই মধ্যস্থতা কৰিছিলো। মই সমস্যাটো সমাধান কৰাতহে সহায় কৰিছিলো।’
যুদ্ধবিৰতি সন্দৰ্ভত কৰা দাবীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলেও বাণিজ্য সন্দৰ্ভত দিয়া বক্তব্যত দৃঢ়তাৰে থাকিল ট্ৰাম্প। তেওঁ পুনৰ কয় যে মই ব্যৱসায়ৰ কথা উল্লেখ কৰাৰ পিছতহে বিষয়টো সমাধান হয়।
ট্ৰাম্পে কয়, ‘যোৱা সপ্তাহত ভাৰত আৰু পাকিস্তানৰ মাজত পৰিস্থিতি অতি বিপজ্জনক হৈ পৰিছিল। তাৰ পিছত মই উত্তেজনা শান্ত কৰাত সহায় কৰিছিলো।’
উল্লেখ্য যে, ১০ মে’ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই ইয়াৰ কৃতিত্ব লৈছিল।
তেওঁ সামাজিক মাধ্যম ট্ৰুথৰ জৰিয়তে এটা পোষ্টত লিখিছিল, ‘ভাৰত আৰু পাকিস্তানে তাৎক্ষণিক যুদ্ধবিৰতিৰ ক্ষেত্ৰত সহমতত উপনীত হোৱা বুলি ঘোষণা কৰি সুখী। দুয়োখন দেশে বুদ্ধিমত্তাৰ পৰিচয় দেখুৱাইছে।’
অৱশ্যে ড’নাল্ড ট্ৰাম্পৰ এই দাবী ভাৰত চৰকাৰে নাকচ কৰিছিল আৰু কৈছিল যে সন্ত্ৰাসবাদ আৰু ব্যৱসায় একেলগে চলি থাকিব নোৱাৰে।