তুৰ্কীৰ বিৰুদ্ধে আৰম্ভ হৈছে ভাৰতৰ বাণিজ্যিক ষ্ট্ৰাইক। পাকিস্তানক সমৰ্থন কৰাৰ বাবে তুৰ্কীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ভাৰত।
প্ৰয়োজনত তুৰ্কীৰ বিৰুদ্ধে এক্সন ল’ব ভাৰতে। তুৰ্কীৰ পৰা আমদানিকৃত সামগ্ৰী নিষিদ্ধ কৰা হ’ব পাৰে ভাৰতত। তুৰস্কৰ বিৰুদ্ধে মালিক আৰু ব্যৱসায়ী সমাজৰ মাজত উঠিছে ক্ষোভৰ জোৱাৰ।
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হ’ব পাৰে যদিও দুয়োখন দেশৰ মাজত উত্তেজনা কমি যোৱা নাই। এনে পৰিস্থিতিত শত্ৰু দেশ পাকিস্তানক সমৰ্থন কৰা তুৰস্কই এতিয়া দেশৰ ভিতৰতে বিৰোধিতাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছে।
মহাৰাষ্ট্ৰত তুৰ্কীৰ সামগ্ৰী নিষিদ্ধ কৰাৰ দাবী উঠিছে। আপেল, চেৰী উৎপাদন কৰা কুল্লু জিলাৰ ফলৰ বাগিচাকাৰীসকলেও এতিয়া তুৰস্কৰ পৰা অহা সকলো ধৰণৰ সামগ্ৰী আমদানি নিষিদ্ধ কৰাৰ দাবী জনাইছে।
ভাৰতৰ বিৰুদ্ধে পাকিস্তানক নিজৰ অস্ত্ৰ আৰু ড্ৰোন দিয়া তুৰস্কই বিশ্বাসঘাতকতা কৰিছে বুলি দাবী কৰি ব্যৱসায়ীসকলে আমদানি নিষিদ্ধ কৰাৰ দাবী জনাইছে। এনে পৰিস্থিতিত তুৰস্কৰ সৈতে হোৱা বাণিজ্যিক চুক্তিও বন্ধ কৰিব লাগে দাবী জনাইছে ব্যৱসায়ীসকলে। যেতিয়া তুৰস্কত ভূমিকম্প হৈছিল তেতিয়া ভাৰতে প্ৰথমে সহায় কৰিছিল। কিন্তু এতিয়া তেওঁ সকলো পাহৰি পাকিস্তানক সমৰ্থন কৰিছে। ইয়াকে লৈ দেশবাসী ক্ষুব্ধ।