টিভি অভিনত্ৰী অংকিতা লোখণ্ডেৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে অভিনেত্ৰী ৰ’জলিন খানে। অংকিতাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে ৰ’জলিনে। হিনা খানে নিজৰ কেন্সাৰ যুদ্ধক প্ৰচাৰৰ ষ্টাণ্ট হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ দিয়ে ৰ’জলিন খানে।
হিনাক সমৰ্থন কৰি অংকিতাই ৰ’জলিনৰ মন্তব্যক “অশ্লীল” বুলি অভিহিত কৰি হিনাক শক্তিশালী হৈ থাকিবলৈ কয়।
ইয়াতেই ক্ষোভিত হৈ ৰ’জলিনে অংকিতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ এই গোচৰটোৰ সৈতে জড়িত আদালতৰ নথি-পত্ৰ শ্বেয়াৰ কৰে আৰু আইনী কাৰ্য্যবিধিৰ বিষয়ে তথ্য প্ৰদান কৰে। নথিসমূহত ৰ’জলিনৰ দাবী আৰু অংকিতাৰ ৰাজহুৱা মন্তব্যৰ পৰা উদ্ভৱ হোৱা মানহানিৰ গোচৰৰ আঁৰৰ কাৰণসমূহ উল্লেখ কৰা হৈছে।
নথিখন শ্বেয়াৰ কৰি ৰ’জলিনে লিখিছে যে, তেওঁ বাৰে বাৰে কৈ আহিছে, হিনা খানৰ ১৫ ঘণ্টীয়া অস্ত্ৰোপচাৰ আৰু চিকিৎসাৰ সময়ত তেওঁ সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে প্ৰশ্ন কৰাৰ পিছৰে পৰা তেওঁ ইয়াৰ কোনো সঁহাৰি নিদিলে আৰু আনকি চিকিৎসালয়খনেও ৰোগীৰ গোপনীয়তা অনুসৰণ কৰি মৌন হৈ থাকে। তেওঁক উত্তৰ দিবলৈ আন এটা উপায়হে বাছি লোৱা হৈছিল। অচিনাকি লোকে তেওঁক ভাবুকি দিছিল আৰু তেওঁক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে।
ইয়াৰ পিছতে অংকিতা লোখণ্ডে হিনাৰ পক্ষ লৈ এখন দীঘলীয়া টোকা লিখে, এইয়া অতি নিকৃষ্ট ভাৱধাৰা। হিনাই খুব সাহসেৰে কেন্সাৰৰ সৈতে যুঁজি আছে। গতিকে হিনা সন্দৰ্ভত ৰ’জলিনৰ এই মন্তব্য একেবাৰেই গ্ৰহণযোগ্য নহয়।