অৱশেষত আৰক্ষীৰ জালত পৰিল ৰাজ্য কঁপাই যোৱা ধিং কাণ্ডৰে জৰিত দুই পলাতক অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিন। নগাঁও আৰক্ষীয়ে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পাইছে।
উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল এই দুগৰাকী অভিযুক্ত। পলায়ন কৰা এই দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছিল যদিও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল।
এজন অভিযুক্তই অসম এৰি নাগালেণ্ডৰ ডিমাপুৰত আৰু এজনে হোজাইৰ মোৰাঝাৰত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই দুয়োকে কৰায়ত্ত কৰে।
ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে পলাবলৈ লওঁতে পুখুৰীত পৰি মৃত্যু হৈছিল ধিং কাণ্ডৰ অন্যতম মূল অভিযুক্ত তফাজ্জুলৰ।