অনূৰ্ধ্ব এছিয়া কাপত ভাৰতৰ যুৱ প্ৰতিভাৱান ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীৰ অব্যাহত আছে বেটিং পৰাক্ৰম। আই পি এলৰ নিলামত কোটিপতি হোৱা বৈভৱৰ অৰ্ধশতকৰ সহায়ত ভাৰতে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত বৈভৱৰ এয়া ক্ৰমাগত দ্বিতীয়টো অৰ্ধশতক।
আজি ছেমি ফাইনেলত শ্ৰীংলকাক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। মেচখনত শ্ৰীলংকাই টছত জয়ী হৈ প্ৰথমে বেট ধৰি ৪৬.২ অভাৰত ১৭৩ ৰান সংগ্ৰহ কৰি অলআউট হয়। শ্ৰীলংকাৰ হৈ সৰ্বাধিক ৬৯ ৰান সংগ্ৰহ কৰে অপেনাৰ লকৱিন অবেয়ছিংগেই। তেওঁৰ উপৰি ৪২ ৰানৰ ইনিংছ খেলে ছাৰুজন ছানমুগনথনে।
ভাৰতৰ হৈ চেতন শৰ্মাই তিনিটা, কিৰণ চৌৰমৌলে আৰু আয়ুষ মাত্ৰেই দুটা-দুটা উইকেট দখল কৰে। ইফালে যুদ্ধজীত গুহা আৰু হাৰ্দিক ৰাজে ১-১টা উইকেট লাভ কৰে।
ইফালে ভাৰতে মাত্ৰ তিনিটা উইকেট হেৰুৱাই ২১.৪ অভাৰতে শ্ৰীংলকাই বান্ধি দিয়া নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰথম উইকেটৰ যুটীত বৈভৱ আৰু আয়ুষ মাত্ৰেই ৯১ ৰানৰ সংযোজন ঘটায়। আয়ুষে ৩৪ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে বৈভৱে ৩৬টা বলত ৬৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলি আউট হয়।