কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৃতিসৌধ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
শৰ্মিষ্ঠা মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰিছে। তেওঁ লিখিছে, ‘মাননীয় প্ৰধানমন্ত্ৰীক লগ পালো। মোৰ বাবাৰ বাবে স্মৃতিসৌধ নিৰ্মাণৰ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা।’
শৰ্মিষ্ঠা মুখাৰ্জীয়ে কয়, ‘ইয়াৰ বাবে আমি এই দাবী কৰা নাছিলো যদিও ইয়াৰ পিছতো এই সিদ্ধান্ত লোৱা হ’ল। প্ৰধানমন্ত্ৰীৰ এই অপ্ৰত্যাশিত কিন্তু কৃপাময় ইংগিতত মই অত্যন্ত আপ্লুত হৈছো।’
তেওঁ লিখিছে যে বাবাই আগতে কৈছিল যে ৰাজ্যিক সন্মান বিচৰা উচিত নহয়, এয়া দিব লাগে। বাবাৰ স্মৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে এই কাম কৰাৰ বাবে মই অতিশয় কৃতজ্ঞ।
কেন্দ্রীয় চৰকাৰে আদেশত কি কয়?
কেন্দ্ৰীয় চৰকাৰৰ হৈ নগৰ আৰু গৃহ নিৰ্মাণ মন্ত্ৰালয়ে নিজৰ আদেশত লিখিছে যে ৰাষ্ট্ৰীয় স্মৃতি কমপ্লেক্সৰ ভিতৰৰ (ৰাজঘাট কমপ্লেক্সৰ এটা অংশ) এটা নিৰ্দিষ্ট এলেকাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৃতিসৌধ নিৰ্মাণৰ অনুমোদন জনোৱা হৈছে।