কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী চিৰাগ পাছৱানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ পুত্ৰ চিৰাগ পাছৱানক জেড প্লাছ নিৰাপত্তা প্ৰদান কৰিছে। ৪১ বছৰীয়া পাছৱান খাদ্য সংসাধন উদ্যোগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে লোক জনশক্তি পাৰ্টি (ৰামবিলাস)ৰ অধ্যক্ষ।
এতিয়ালৈকে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিন, সশস্ত্ৰ সীমা বল (SSB)ৰ এটা সৰু দলে তেওঁক নিৰাপত্তা প্ৰদান কৰি আহিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অতি গুৰুত্বপূৰ্ণ ব্যক্তি (ভিআইপি)ৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ইউনিটটোক পাছৱানক ‘জেড প্লাছ’ নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
সূত্ৰই জনোৱা মতে, এতিয়াৰে পৰা নতুন নিৰাপত্তাৰক্ষীৰ দলটোৱে সমগ্ৰ দেশতে মন্ত্ৰীগৰাকীক নিৰাপত্তা প্ৰদান কৰিব।
উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা দেশৰ কেইবাগৰাকীও শীৰ্ষ ৰাজনৈতিক নেতাৰ লগতে বহু ভিআইপিৰ নিৰাপত্তাৰ ক্ষেত্ৰত চিআৰপিএফ নিয়োগ কৰি অহা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ উপৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তি।
ভিআইপি সুৰক্ষা কভাৰ শ্ৰেণীবিভাজনত ‘জেড প্লাছ’ক সৰ্বোচ্চ বুলি গণ্য কৰা হয়। ইয়াৰ পিছত আহে ‘Z’, ‘Y Plus’ আৰু ‘X’ কেটেগৰী নিৰাপত্তা।