উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ২৫ বছৰীয়া এজন যুৱকে নিজৰ ৭৫ বছৰীয়া আইতাকৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ।
আজি অৰ্থাৎ শুকুৰবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। আৰক্ষীয়ে দাখিল কৰা এক প্ৰতিবেদনৰ উদ্ধৃতি দি অতিৰিক্ত আৰক্ষী অধীক্ষক মনোজ কুমাৰ অৱস্থীয়ে কয় যে, এই ঘটনাটো উত্তৰ প্ৰদেশৰ খুটাৰ থানা এলেকাৰ এখন গাঁৱত সংঘটিত হৈছে।
অৱস্থীয়ে কয় যে, বৃহস্পতিবাৰে নিশা বৃদ্ধাগৰাকীয়ে নিজৰ ঘৰত শুই আছিল। তাৰপিছত তেওঁৰ নাতি অখিলেশ কুমাৰ আহে। অভিযোগ অনুসৰি তেওঁ বৃদ্ধাগৰাকী তুলি লৈ নিজৰ কোঠালৈ লৈ জোৰকৈ যায়, তাৰপিছত বৃদ্ধাগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰে।
বিষয়াগৰাকীয়ে কয় যে, অপকৰ্ম সংঘটিত কৰাৰ পিছত বৃদ্ধাগৰাকীক নাতিৰ দ্বাৰা ভাবুকি দিয়া হৈছিল যে, এই বিষয়ে কাৰোবাক ক’লে তেওঁক হত্যা কৰিব। অপকৰ্ম সংঘটিত কৰা আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ কয়। অৱস্থীয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ পিছতে অভিযুক্তই পলায়ন কৰে।
ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক বিচাৰি অব্যাহত ৰাখিছে অভিযান। তেওঁ জনোৱা মতে, বৃদ্ধাগৰাকীক পৰীক্ষাৰ বাবে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।