হাজাৰ হাজাৰ ফুট ওখত উৰি থকা বিমান এখনত যদি কোনোৱে এনে ব্যৱহাৰ কৰে, তেন্তে সকলো এইদৰে পৰিব? অভিনেত্ৰী উৰ্বি কোথাৰীয়ে এনে এক ভয়ানক অভিজ্ঞতা শ্বেয়াৰ কৰে। উৰ্বিয়ে সহযাত্ৰী এজনৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰা এটা ভিডিঅ’ ইনষ্টাগ্ৰামত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
মুম্বাইৰ অভিনেত্ৰী উৰ্বি কোথাৰীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই ঘটনাৰ বৰ্ণনা কৰিছে, যিয়ে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে। বিমানখনত পিছফালে বহি থকা এজন যাত্ৰীয়ে বাৰে বাৰে উৰ্বিৰ আসনখনত ধৰি তেওঁকো স্পৰ্শ কৰাৰ চেষ্টা কৰে। যাৰ বাবে থকাৰ বাবে তেওঁ অতি অস্বস্তি অনুভৱ কৰা বুলি অভিযোগ কৰে। উৰ্বিৰ মতে, ততাতৈয়াকৈ তেওঁ এই কেবিন ক্ৰুক এই বিষয়ে অৱগত কৰে। আনকি ক্ৰু সদস্যসকলে যাত্ৰীজনৰ সৈতে এই বিষয়ে আলোচনা কৰে, যদিও তেওঁৰ এই কাৰ্য্য বন্ধ নহয়। বাৰে বাৰে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে উৰ্বিৰ ভয় আৰু অস্বস্তি বৃদ্ধি হয়।
উৰ্বিয়ে বুজাই দিয়ে যে, যেতিয়া পৰিস্থিতি তীব্ৰতৰ হৈ পৰে, তেতিয়া লোকজনে আৰ্মৰেষ্টত ভৰিখন থৈ দিয়ে, তেতিয়া তেওঁ নিজৰ আসন সলনি কৰিবলৈ বাধ্য হয়। তেওঁ কয় যে, এয়া তেওঁৰ বাবে অতি বিৰক্তিকৰ অভিজ্ঞতা আছিল।
ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে প্ৰতিক্ৰিয়া বিভক্ত হৈ পৰিল। কিছুমান ব্যৱহাৰকাৰীয়ে উৰ্বিক সমৰ্থন কৰে যদিও আন কিছুমানে তেওঁক সমালোচনা কৰি এইয়া এক Publicity Stunt বুলিহে অভিহিত কৰে। আন কিছুমানে তেওঁক “ভিক্টিম কাৰ্ড” খেলা বুলি সমালোচনা কৰে।











