আলিগড়ৰ শ্বাহী জামা মছজিদক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্ক। আলিগড়ৰ বাসিন্দা দুৰ্নীতি বিৰোধী সেনাৰ সভাপতি তথা আৰ টি আই কৰ্মী পণ্ডিত কেশৱ দেৱে মছজিদ সন্দৰ্ভত গোচৰ দাখিল কৰিছে। য’ত তেওঁ দাবী কৰিছে যে, শ্বাহী জামা মছজিদ ৰাজহুৱা ভূমিত নিৰ্মাণ কৰা হৈছে।
এই গোচৰত পণ্ডিত কেশৱ দেৱে শ্বাহী জামা মছজিদৰ মুতাৱাল্লীক দ্বিতীয় পক্ষ হিচাপে লৈছিল, যদিও এতিয়া এই মছজিদৰ মালিকীস্বত্বৰ অধিকাৰ সন্দৰ্ভত এক নতুন বিবাদ পোহৰলৈ আহিছে। মোগল বংশধৰসকলে ৰাজকীয় জামা মছজিদৰ মালিকীস্বত্ব দাবী কৰিছে। এই সন্দৰ্ভত তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা অহা এখন চিঠিৰ বাবে এই বিষয়টো উত্তপ্ত হৈ পৰিছে।
মোগল শাসক সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ ৰাজকুমাৰ ইয়াকুব হুবিবুদ্দিন তুৰ্চীয়ে আলিগড়ৰ জ্যেষ্ঠ অধিবক্তা ইনফ্ৰাহিম হুছেইনলৈ পত্ৰ প্ৰেৰণ কৰি শ্বাহী জামা মছজিদ গোচৰত নিজকে তৃতীয় পক্ষ বুলি ঘোষণা কৰে। য’ত তেওঁ মছজিদৰ সৈতে জড়িত নথি-পত্ৰ আৰু তেওঁ মোগলৰ বংশধৰ বুলি প্ৰমাণ দাখিল কৰিছে।
এই গোচৰত তেওঁ তৃতীয় পক্ষ হোৱাৰ বাবে আবেদন দাখিল কৰিব বুলি যুক্তি দিছে। ইয়াৰ বাবে তেওঁ অধিবক্তা চৌধুৰী এফ্ৰাহিমক নিযুক্তি দি ১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া শুনানিৰ সময়ত আবেদন দাখিল কৰিবলৈ কয়।
তেওঁলোকে কয় যে, দেশৰ প্ৰায়বোৰ ডাঙৰ মছজিদ মোগল শাসনৰ সময়ত নিৰ্মাণ কৰা হৈছিল। আলিগড়ৰ জামা মছজিদকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল।এই পত্ৰত শ্বাহী জামা মছজিদৰ শুনানিৰ সময়ত ১৫ ফেব্ৰুৱাৰীত তৃতীয় পক্ষ হিচাপে এফ্ৰাহিম হুছেইনৰ জৰিয়তে দাবী কৰা হ’ব।